/asomiyapratidin/media/media_files/2025/05/10/pjlnEWGnC1Uow47oMXvr.jpg)
ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰিবলৈ সাজু আমেৰিকা। আক্ৰমণ, প্ৰত্যাক্ৰমণেৰে যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজত থকা দুয়োখন দেশেই যুদ্ধ বিৰতিৰ বাবে সাজু হৈছে।
আজি এক্স হেণ্ডেলৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই ঘোষণা কৰিছে। এক্স হেণ্ডেলত ড‘নাল্ড ট্ৰাম্পে উল্লেখ কৰিছে এক দীঘলীয়া নিশা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত হোৱা আলোচনাৰ পাছত মই আনন্দৰে ঘোষণা কৰিব কৰিছো ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ তাৎক্ষণিকভাৱে যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে।
তেওঁ ইয়াৰ বাবে দুয়োখন দেশকে শুভেচ্ছা জনাই দুয়োখন দেশেই বুদ্ধিমত্তা দেখুওৱা বুলিও উল্লেখ কৰিছে। অৱশ্যে এই পৰ্যন্ত ভাৰত আৰু পাকিস্তান কোনো এখন দেশেই এই সম্পৰ্কে আনুষ্ঠানিকভাৱে কোনো কথাই প্ৰকাশ কৰা নাই। কিছু সময়ৰ পাছতে এই বিষয়ে সংবাদ মেল সম্বোধন কৰি ভাৰতৰ স্থিতিৰ কথা ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে।