/asomiyapratidin/media/media_files/2025/03/18/mPUDBvKv5sZJtPipBj4g.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে সংসদত কয় যে, ভাৰতে অষ্ট্ৰেলিয়ালৈ মেট্ৰ’ ডবা আৰু ইঞ্জিন, ম্যানমাৰ, বাংলাদেশলৈ যাত্ৰীবাহী ডবা, মোজাম্বিক আৰু শ্ৰীলংকালৈ ৰে’লৰ অন্যান্য সঁজুলিৰ ৰপ্তানি বৃদ্ধি কৰিছে। তেওঁ কয়, ভাৰতে ইউৰোপৰ একাধিক দেশলৈ ৰে'লৰ অন্যান্য সঁজুলি যেনে প্ৰপালচন ছিষ্টেম, ডবা, আণ্ডাৰফ্ৰেম আদিৰ ৰপ্তানি বৃদ্ধি কৰিছে।
ৰে'ল বাজেট সন্দৰ্ভত ভাষণ প্ৰদান কৰি তেওঁ কয়, আজি আমাৰ দেশৰ পৰা মেট্ৰ’ ডবাসমূহ অষ্ট্ৰেলিয়ালৈ ৰপ্তানি কৰা হৈছে। তেওঁ আৰু কয়, যাত্ৰীবাহী ডবা মোজাম্বিক, বাংলাদেশ আৰু শ্ৰীলংকালৈ ৰপ্তানি কৰা হৈছে। একেদৰে ভাৰতীয় ইঞ্জিন মোজাম্বিক, চেনেগাল, শ্ৰীলংকা, ম্যানমাৰ আৰু বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে।
বৈষ্ণৱে লগতে ঘোষণা কৰিছে যে, মাৰহৌৰা কাৰখানাত নিৰ্মিত ইঞ্জিন বিহাৰৰ ছাৰাণ জিলাৰ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব (পিপিপ) মোডৰ উতপাদন ইউনিটো অদূৰ ভৱিষ্যতে ৰপ্তানি কৰা হব। তেওঁ কয়, “অদূৰ ভৱিষ্যতে বিহাৰত লালু যাদৱ ৰে'ল মন্ত্ৰী হৈ থকাৰ সময়ত ঘোষাণা কৰা মাৰহৌৰা কাৰখানাৰ কাম বন্ধ হৈ আছিল যদিও ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত এই কাৰখানাই এক নতুন গতি লাভ কৰে। এই কাৰখানাই অতি সোনকালে ১০০ ত কৈ অধিক ইঞ্জিন ৰপ্তানি কৰিব। মেড ইন বিহাৰ ইঞ্জিন বিশ্বজুৰি সম্প্ৰসাৰিত হ'ব।
শেহতীয়াকৈ ৰে’লৱেৰ সংসদীয় স্থায়ী সমিতিখনেও ইচ্ছা কৰিছিল যে ভাৰতীয় ৰে’লৱেই ৰোলিং ষ্টকৰ থলুৱা চাহিদা পূৰণৰ ক্ষেত্ৰত কোনো আপোচ নকৰাকৈ ৰাজহ বৃদ্ধিৰ বাবে ৰে’লৰ উপাদান ৰপ্তানিৰ ক্ষেত্ৰত ব্যৱসায়িক কাৰ্য্যকলাপ সম্প্ৰসাৰণ কৰক। কমিটীৰ প্ৰতিবেদন অনুসৰি ২০২২ আৰু ২০২৩ চনৰ ভিতৰত ৰে’লৱেই মোজাম্বিক আৰু শ্ৰীলংকালৈ ৬০৮.৭০ কোটি টকাৰ ৰোলিং ষ্টক, ইঞ্জিন আৰু যাত্ৰীবাহী ডবা ৰপ্তানি কৰিছিল।২০২৪ চনত ৰোলিং ষ্টক ৰপ্তানি নহ’ল।
২০২২ চনত ভাৰতীয় ৰে'লৱেই বেনাৰস ইঞ্জিন ৱৰ্কছ বাৰাণসীত নিৰ্মিত ৩০০০ এইছ পিৰ এটা ডিজেল ইলেক্ট্ৰিক ইঞ্জিন ৩০.৫৯ কোটি টকা আৰু ৫৮টা যাত্ৰীবাহী ডবা আৰু পাঁচটা ডিজেল ইলেক্ট্ৰিক মাল্টিপল ইউনিট ছেট (প্ৰতিটো ডি ই এম ইউ ছেট ছটা ডবাৰে গঠিত) মডাৰ্ণ কোচ যি ৰায়েবাৰেলিত নিৰ্মাণ কৰা হৈছিল সেইসমূহ মোজাম্বিকলৈ ৰপ্তানি কৰা হৈছে। ইয়াৰ মূল্য ২৯৩.৩২ কোটি টকা।
একেটা বছৰতে ৰে’লৱেই ১৬৪.৭৭ কোটি টকা ব্যয় সাপেক্ষে শ্ৰীলংকালৈ ৪০ টা ব্ৰড গজৰ যাত্ৰীবাহী ডবা ৰপ্তানি কৰে। এই ডবাসমূহ চেন্নাইৰ ইন্টিগ্ৰেল কোচ ফেক্টৰীত নিৰ্মাণ কৰা হৈছিল । ২০২৩ চনতো ৰেলৱেই ১২০ কোটি টকাতকৈ অধিক মূল্যত মোজাম্বিকলৈ যাত্ৰীবাহী ডবা ৰপ্তানি কৰিছিল।