সৌৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতে ১ বিলিয়ন ডলাৰৰ ৰাজসাহায্য দিয়াৰ পৰিকল্পনা

চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, শক্তি পৰিৱৰ্তনৰ পৰা লাভ আহৰণৰ প্ৰচেষ্টাৰ বাবে ভাৰতে নিজৰ সৌৰ উৎপাদন উদ্যোগক শক্তিশালী কৰিবলৈ ১ বিলিয়ন ডলাৰৰ ৰাজসাহায্য পৰিকল্পনা কৰিছে।

author-image
Asomiya Pratidin
New Update
সৌৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতে ১ বিলিয়ন ডলাৰৰ ৰাজসাহায্য দিয়াৰ পৰিকল্পনা

ডিজিটেল ডেস্কঃ চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু বিশ্ব শক্তি পৰিৱৰ্তনৰ পৰা লাভ আহৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতে নিজৰ সৌৰ উৎপাদন উদ্যোগক শক্তিশালী কৰাৰ বাবে ১ বিলিয়ন ডলাৰৰ মূলধনী ৰাজসাহায্য পৰিকল্পনা চূড়ান্ত কৰিছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এই প্ৰস্তাৱ আগবঢ়াইছে আৰু দেশৰ সৌৰ উদ্যোগৰ অন্যতম দুৰ্বল অংশ ৱেফাৰ আৰু ইংগট নিৰ্মাণকাৰীক লক্ষ্য কৰি লোৱা হ’ব বুলি জানিব পৰা গৈছে। 

Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ শীৰ্ষ উপদেষ্টাসকলৰ সমৰ্থনত এই পৰিকল্পনা অহা কেইমাহমানৰ ভিতৰত মন্ত্ৰীসভাৰ সন্মুখত অনুমোদনৰ বাবে দাখিল কৰাৰ সম্ভাৱনা আছে। সৌৰ সঁজুলি আমদানিৰ ক্ষেত্ৰত ভাৰত চীনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সেয়ে বহুতেই দাবী কৰিব বিচাৰে চীনৰ ওপৰত এনে নিৰ্ভৰশীলতা দেশৰ শক্তি সুৰক্ষাৰ বাবে এক বিপদ। 

ভাৰতে নিজৰ ঘৰুৱা মডিউল আৰু চেল মেকিং ছেগমেণ্ট বৃদ্ধি কৰাৰ বিপৰীতে ৱেফাৰ আৰু ইংগট উৎপাদন এতিয়াও মাত্ৰ ২ গিগাৱাট ক্ষমতাত আছে। এই উৎপাদন কৰে আদানি এণ্টাৰপ্ৰাইজ লিমিটেডে।

প্ৰস্তাৱিত ৰাজসাহায্য পৰিকল্পনাই ভাৰতৰ মোবাইল-ফোন নিৰ্মাণ উদ্যোগৰ সফলতাৰ দৰেই এই উদ্যোগটোকো সফল কৰি তুলিব বুলি আশা কৰা হৈছে। দক্ষিণ এছিয়াৰ এই উপ মহাদেশখনত এপল ইনক আৰু চেমচাং ইলেক্ট্ৰনিকছ কোম্পানীৰ দৰে কোম্পানীক উৎপাদন কাৰখানা স্থাপনৰ বাবে আকৰ্ষিত কৰিবলৈ মোডীৰ চৰকাৰে কোটি কোটি টকাৰ ব্যয় কৰিছে। 

তেতিয়াৰ পৰাই ভাৰতৰ পৰা এপলৰ আইফোন ৰপ্তানি তীব্ৰভাৱে বৃদ্ধি পাইছে। সৌৰ খণ্ডত লজিষ্টিক আৰু গুণগত নিয়ন্ত্ৰণে ৱেফাৰ আৰু ইংগট নিৰ্মাণৰ ব্যয় যথেষ্ট বৃদ্ধি কৰে। সেয়ে ৰাজসাহায্যই সেই ব্যয়ত কোম্পানীসমূহক সহায় কৰিব, যাৰ ফল সাধাৰণ ৰাইজেও লাভ কৰিব বুলি আশা কৰা হৈছে। 

অৱশ্যে ভাৰতে যদি নিজৰ ৱেফাৰ আৰু ইংগট ক্ষমতা বৃদ্ধি কৰে, তথাপিও ইয়াক নিৰ্মাণ কৰা কেঁচামাল পলিচিলিকনৰ বাবে বিদেশী যোগানকাৰীৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। ব্লুমবাৰ্গ এন ই এফৰ তথ্য অনুসৰি ভাৰতৰ এই অতি পৰিশোধিত সামগ্ৰী উৎপাদনৰ কোনো ক্ষমতা নাই।পলিচিলিকন উৎপাদনৰ ক্ষেত্ৰত বিশ্বত চীনে আধিপত্য বিস্তাৰ কৰিছে। চীনৰ এই সামগ্ৰী বছৰি ২৩ লাখ টন উৎপাদন কৰাৰ ক্ষমতা আছে। সেইদৰে ৭৫ হাজাৰ টন উৎপাদনেৰে দ্বিতীয় স্থানত আছে জাৰ্মানী। 

অৰ্থনীতি সৌৰ শক্তি