ডিজিটেল ডেস্কঃ আদানি ঘোষ কাণ্ডৰ যৌথ সংসদীয় কমিটী (জে পি চি)ৰ তদন্ত বিচাৰি বিৰোধী ইণ্ডিয়াই ধাৰাবাহিকভাৱে কৰি অহা আন্দোলনে বৃহস্পতিবাৰে নতুন মাত্ৰা লাভ কৰে। কংগ্ৰেছ, সমসাজবাদী পাৰ্টি, আৰ জে ডি, ডি এম কে, উদ্ধৱসেনাৰ সাংসদসকলে আজি ক’লা ৰঙৰ জেকেট পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
এই জেকেটত লিখা আছিল "মোডী-আদানি এক হ্যে", আদানি চেফ হ্যে!"- অৱশ্যে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জেকেট পিন্ধি নাছিল। কিন্তু তেওঁৰ বগা টি-চাৰ্টত একে শ্লোগান লিখা আছিল।
বৃহস্পতিবাৰে সংসদ ভৱনৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত দেশৰ প্ৰায় সকলো প্ৰধান বিৰোধী দলৰ সাংসদসকলে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল যদিও এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত নাছিল তৃণমূল কংগ্ৰেছৰ সাংসদসকল। এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সাংসদ কীৰ্তি আজাদে কয়, "আমাৰ আন বহুতো গুৰুত্বপূৰ্ণ বিষয় আছে। মূল্যবৃদ্ধিৰ দৰে সমস্যা আছে। সেই সমূহ আমাৰ সাংসদসকলে অধিবেশনত তুলি ধৰিম।
উল্লেখ্য যে, নৰেন্দ্ৰ মোডীয়ে এইবাৰ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ সময়ত ধাৰাবাহিকভাৱে 'এক হ্যে তো ছেফ হ্যে শ্লোগান দিছিল। বিৰোধীয়ে অভিযোগ আছিল তেওঁৰ এই শ্লোগানৰ বাৰ্তাৰ আঁৰত আছিল মেৰুকৰণৰ লক্ষ্য।
মন কৰিবলগীয়া যে, আদানিৰ বিৰুদ্ধে প্ৰমাণসহ অভিযোগ পত্ৰ যোৱা ২০ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত দাখিল কৰা হৈছিল। গৌতম আদানি আৰু তেওঁৰ ভতিজা সাগৰকে ধৰি সাতজন লোকৰ বিৰুদ্ধে সৌৰ শক্তি প্ৰকল্পৰ বিনিময়ত ভাৰত চৰকাৰৰ আন বিষয়াসকলক (মন্ত্ৰী আৰু আমোলাসকলক) উৎকোচ দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
শীতকালীন অধিৱেশনৰ আৰম্ভণিৰ পৰাই, কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসকলে আদানি গোচৰৰ তদন্তৰ বাবে জেপিচি গঠনৰ দাবী জনাই আহিছে। কিন্তু তৃণমূলে ইয়াত অংশগ্ৰহণ কৰা নাই। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ দ্বাৰা আহ্বান কৰা বৈঠকতো তৃণমূলৰ সাংসদসকল উপস্থিত নাছিল।
টিএমচিৰ ৰাজ্যসভাৰ নেতা ডেৰেক অ'ব্ৰায়েনে বুধবাৰে কয়, "সংসদত বিজেপিৰ অপকৰ্ম উন্মোচন কৰিবলৈ আমি সকলোৱে আমাৰ সামগ্ৰিক ৰণনীতিত একত্ৰিত হৈছো। অৱশ্যে, বিভিন্ন দলৰ সেই ৰণনীতি কাৰ্যকৰী কৰাৰ বিভিন্ন উপায় থাকিব পাৰে।
কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা মতে সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে টিএমচি লোকসভাৰ নেতা সুদীপ বেনাৰ্জীক ফোন কৰি আজিৰ প্ৰতিবাদত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছিল। কিন্তু এই প্ৰস্তাৱ নাকচ কৰি তেওঁ কয় যে, টিএমচি কাৰ্যকৰী সমিতিৰ এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে বংগক কেন্দ্ৰয় কৰি অহা বঞ্চনাকে ধৰি সাধাৰণ মানুহৰ স্বাৰ্থ সম্পৰ্কীয় ছয়টা বিষয়ত মাত মাতিব। আদানি সেই তালিকাত নাই।