জিন থেৰাপীৰ জৰিয়তে হিমোফিলিয়াৰ চিকিৎসাত এক বৃহৎ সফলতা ভাৰতৰ

ভাৰতে জিন থেৰাপীৰ জৰিয়তে হিমোফিলিয়াৰ চিকিৎসাত এক বৃহৎ সফলতা অৰ্জন কৰিছে। ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজৰ ষ্টেম চেল গৱেষণা কেন্দ্ৰৰ এক অধ্যয়নত, এই চিকিৎসা গ্ৰহণ কৰা পাঁচজন ৰোগীয়ে দীৰ্ঘদিন ধৰি কোনো ৰক্তক্ষৰণ অনুভৱ কৰা নাই বুলি জানিব পৰা গৈছে।

author-image
Tushar Pratim
New Update
জিন থেৰাপীৰ জৰিয়তে হিমোফিলিয়াৰ চিকিৎসাত এক বৃহৎ সফলতা ভাৰতৰ

ডিজিটেল ডেস্কঃ ভাৰতে জিন থেৰাপীৰ জৰিয়তে হিমোফিলিয়াৰ চিকিৎসাত এক বৃহৎ সফলতা অৰ্জন কৰিছে। ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজৰ (চিএমচি) ষ্টেম চেল গৱেষণা কেন্দ্ৰৰ (চিএছচিআৰ) এক অধ্যয়নত, এই চিকিৎসা গ্ৰহণ কৰা পাঁচজন ৰোগীয়ে দীৰ্ঘদিন ধৰি কোনো ৰক্তক্ষৰণ অনুভৱ কৰা নাই বুলি জানিব পৰা গৈছে।

হিমোফিলিয়া এ ৰোগৰ বাবে ব্যৱহৃত ভাৰতীয় ইতিহাসৰ এয়া প্ৰথম মানৱ জিন থেৰাপী। এই অধ্যয়নৰ ফলাফল নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশ পাইছে। জীৱবিজ্ঞান মন্ত্ৰালয়ৰ সমৰ্থনত কৰা এই অধ্যয়নে লেণ্টিভাইৰেল ভেক্টৰ ব্যৱহাৰ কৰি ৰোগীৰ তেজৰ ষ্টেম কোষবোৰলৈ এক কাৰ্যকৰী জিন প্ৰদান কৰিছিল।

এই চিকিৎসাই ৰোগীসকলক ফেক্টৰ-8 প্ৰ'টিন প্ৰস্তুত কৰাৰ ক্ষমতা প্ৰদান কৰে। যি তেজ গোট মৰাৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰ ফলস্বৰূপে, ৰোগীসকলক আৰু নিয়মীয়া ইনফিউচনৰ প্ৰয়োজন নহয়।

হিমোফিলিয়া এ ৰোগি কি

হিমোফিলিয়া এ হৈছে এক বিৰল জেনেটিক ৰোগ। প্ৰটিন ফেক্টৰ-৮ ৰ অভাৱৰ ফলত এই ৰোগ হয়।  এই ৰোগত আক্ৰান্ত লোকসকলে কোনো আঘাত নোহোৱাকৈ ৰক্তক্ষৰণৰ সন্মুখীন হয়। যাৰ ফলত তেওঁলোকৰ জীৱনশৈলী প্ৰভাৱিত হয়।

ভাৰতত আছে বিশ্বৰ দ্বিতীয় সৰ্বাধিক হিমোফিলিয়া ৰোগী। ভাৰতত থকা এই ৰোগীৰ সংখ্যা ১.৩৬ লাখ। বৰ্তমান এই ৰোগৰ চিকিৎসাৰ বাবে ফেক্টৰ-8 বা অন্যান্য তেজ জমা কৰা সামগ্ৰীৰ নিয়মীয়া সঞ্চাৰৰ প্ৰয়োজন। যিবোৰ অতি ব্যয়বহুল।

জিন থেৰাপীৰ নতুন পদ্ধতি

হিমোফিলিয়া এ-ৰ পৰা মুক্ত হ’বলৈ জিন থেৰাপী হৈছে এক সম্ভাৱ্য সমাধান। চি.এছ.চি.আৰ.-ৰ বিজ্ঞানীসকলে লেণ্টিভাইৰেল ভেক্টৰ ব্যৱহাৰ কৰি ফেক্ট- 8 উৎপাদন পুনৰুদ্ধাৰ কৰাৰ এক পদ্ধতি আৱিষ্কাৰ কৰিছে। যি সাধাৰণতে ব্যৱহৃত এ.এ.ভি. ভেক্টৰৰ তুলনাত এক সুৰক্ষিত আৰু অধিক কাৰ্যকৰী বিকল্প হিচাপে চিনাক্ত হৈছে।

এক প্ৰকাৰৰ ৰেট্ৰোভাইৰাছৰ পৰা তৈয়াৰ কৰা লেণ্টিভাইৰেল ভেক্টৰবোৰ কোষৰ ডিএনএ লৈ আনুবংশিক সামগ্ৰী প্ৰেৰণ কৰিবলৈ সক্ষম। এই ভাইৰাছবোৰ সুৰক্ষিত আৰু কাৰ্যকৰী কৰিবলৈ, বিজ্ঞানীসকলে ক্ষতিকাৰক অংশবোৰ আঁতৰ কৰিছে।

পৰীক্ষাই দেখুৱাইছে আশা ব্যঞ্জক ফলাফল

ভাৰতীয় চিকিৎসা বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা এই নতুন জিন থেৰাপী পদ্ধতি ব্যৱহাৰ কৰাৰ পাছত ৰোগীসকলক ছয় মাহৰ বাবে নিৰীক্ষণ কৰা হৈছিল। তাৰোপৰি মুঠ ৮১ মাহ পাঁচজন ৰোগীক অনুসৰণ কৰাত এই কথা স্পষ্ট হৈছে যে, পাঁচোজন ৰোগীৰ কোনো ৰক্তক্ষৰণ হোৱা নাছিল।

এই সফলতাই ভাৰতৰ বাবে এক নতুন দিগন্তৰ বাট মুকলি কৰিছে। ই আনুবংশিক ৰোগৰ বাবে বৈপ্লৱিক চিকিৎসাৰ পথ মুকলি কৰিছে। 

স্বাস্থ্য বিজ্ঞান স্বাস্থ্য