/asomiyapratidin/media/media_files/2025/05/07/RbqJSTuWOv0iVgYXHHSF.jpg)
ডিজিটেল ডেস্কঃ পেহেলগামৰ প্ৰতিশোধ ল’লে ভাৰতে। নিশা ১-৪৪ বজাত পাকিস্তানৰ ভূমিক লক্ষ্য কৰি ভাৰতে কৰিলে আক্ৰমণ। পাকিস্তানৰ মুঠ ৯ টা স্থানত ভাৰতীয় সেনাই চলালে ‘অপাৰেচন ছিন্দুৰ’। এই আক্ৰমণত নিহত হৈছে ৩০ টাকৈ সন্ত্ৰাসবাদী।
জানিব পৰা মতে এই ৯ টা স্থানেই আছিল সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থলী। এই সন্দৰ্ভত ভাৰত চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি ভাৰতীয় সেনাই অপাৰেচন ছিন্দুৰৰ জৰিয়তে পাক- অধিকৃত জম্ম আৰু কাশ্মীৰত আশ্ৰয় লৈ থকা সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি লৈ সুপৰিকল্পিত আক্ৰমণ কৰিছে। মুঠ ৯ টা স্থানক লক্ষ্য কৰি লৈছিল সেনাই।
তাৰোপৰি ভাৰতে স্পষ্ট কৰি দিছে যে, এই আক্ৰমণ কেন্দ্ৰীভূত, জুখিব পৰা আৰু অবৃদ্ধিমূলক প্ৰকৃতিৰ। কোনো পাকিস্তানী সামৰিক সুবিধাক লক্ষ্য কৰি লোৱা হোৱা নাছিল। জানিব পৰা মতে এই ৯ টা স্থানত আছিল লস্কৰ-ই-তৈবা আৰু জইছ-ই-মহম্মদৰ মূল ঘাটি।
২২ এপ্ৰিলত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ জনকৈ পৰ্যটকক আক্ৰমণ কৰাৰ ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ কৰিলে ভাৰতীয় সেনাই। ইফালে পাকিস্তানী সেনায়ো ভাৰতৰ এই আক্ৰমণ স্বীকাৰ কৰিছে। পাকিস্তানৰ ডি জি আই এছ পি আৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে কয়, ভাৰতে কোটলি, মুৰিদকে, বাহাৱালপুৰ, চাক আমৰু, ভীম্বাৰ, গুলপুৰ, শিয়ালকোট আৰু মমুজ্জাফ্ফৰবাদৰ দুটা স্থানত আক্ৰমণ কৰিছে।
’মুৰিদকে হাফিজ ছাইদৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয় আৰু পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহালৱাপুৰ হৈছে মাছুদ আজহাৰৰ দ্বাৰা পৰিচালিত সংগঠন জয়ছ-ই-মহম্মদৰ ঘাটি।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই আক্ৰমণৰ সন্দৰ্ভত কয় যে, “ভাৰতৰ এই যুদ্ধৰ কাৰ্যক প্ৰত্যুত্তৰ দিয়াৰ সক্ষমতা আছে। তাৰোপৰি তেওঁ ভাৰতৰ এই আক্ৰমণক কাপুৰুষালি আখ্যা দিছে।
ভাৰতৰ এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই পাকিস্তানে পুঞ্চ-ৰাজৌৰী অঞ্চলৰ ভীম্বাৰ গালিত নিয়ন্ত্ৰণ ৰেখাৰ কাষত আৰ্টিলাৰী গুলীচালনা কৰিছে বুলি ভাৰতীয় সেনাই প্ৰকাশ কৰিছে। তেওঁলোকে লগতে কয় যে সেনাই ইয়াৰো প্ৰত্যুত্তৰ দিছে। পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা এই আক্ৰমণত SCALP (Storm Shadow) ক্ৰুজ মিছাইল ব্যৱহাৰ কৰা হৈছিল। ফ্ৰান্স আৰু ব্ৰিটেইনৰ যৌথভাৱে নিৰ্মাণ কৰা এই ক্ষেপণাস্ত্ৰসমূহ ভাৰতীয় বায়ুসেনাৰ ৰাফেল যুদ্ধ বিমানেৰে সজ্জিত।
আমেৰিকাত থকা ভাৰতীয় দূতাবাসে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে এই আক্ৰমণৰ পিছত তেওঁৰ আমেৰিকাৰ সমকক্ষ তথা বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে কথা পাতিছে আৰু ভাৰতৰ সামৰিক অভিযানৰ বিষয়ে অৱগত কৰিছে।