১২২ বছৰ পাছত ফেব্ৰুৱাৰীত এক ভীষণ পৰিৱৰ্তন! সতৰ্কবাণী জাৰি কৰিলে...

বিগত কেইটামান বছৰত বিশ্বৰ জলবায়ু পৰিৱৰ্তন হোৱা দেখা গৈছে। ভাৰততো পৃথক নহয়।
১২২ বছৰ পাছত ফেব্ৰুৱাৰীত এক ভীষণ পৰিৱৰ্তন! সতৰ্কবাণী জাৰি কৰিলে...

ডিজিটেল ডেস্ক: বিগত কেইটামান বছৰত বিশ্বৰ জলবায়ু পৰিৱৰ্তন হোৱা দেখা গৈছে। ভাৰততো পৃথক নহয়। মানুহৰ কিছুমান অবিবেচক কাণ্ড, বন ধ্বংস, প্ৰকৃতিক ধ্বংস কৰা আদি বিভিন্ন কাৰণতেই জলবায়ুৰ অত্যাধিক পৰিৱৰ্তন হোৱা দেখা যায়। এইবোৰ কাৰণেই বৃদ্ধি পাইছে উষ্ণতা , বৰষুণৰ ধৰণ সলনি আদি।

ভাৰত আগন্তুক মাহ কেইটাত অধিক গৰমৰ সন্মুখীন হ'ব। যাৰ ফলত দেশত হোৱা খেতি বাতি, জীৱ জন্তু আদি সকলোতে প্ৰভাৱ পৰাৰ সম্ভাৱণা আছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী এছ.চি. ভানৰ মতে, ৩১ মে' সমাপ্ত হোৱাৰ পূৰ্বে বেছি ভাগ অঞ্চলত গৰমৰ প্ৰকোপ বৃদ্ধি পাব। ইতিমধ্যে গৰমৰ আৰাম্ভণী প্ৰায় হৈছে।

বতৰ বিজ্ঞানৰ তথ্য অনুসৰি, ১২২ বছৰৰ পিছত,২০২৩ চনৰ ফেব্ৰুৱাৰীত গৰমে অভিলেখ গঢ়িছে। ১৯০১ চনৰ পিছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো আটাইতকৈ গৰম আছিল।

আগন্তুক দিনবোৰত পৰিস্থিতি আৰু ভয়াবহ হোৱাৰ সম্ভাৱণা আছে। যাৰ বাবে সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞানে। তদুপৰি ঘেঁহুৰ শস্যই এই বছৰ অভিলেখ সৃষ্টি কৰাৰ সম্ভাৱণা আছে। ঘেঁহু শস্যৰ ওপৰত গ্ৰীষ্মকালৰ প্ৰভাৱ নিৰীক্ষণ কৰিবলৈ কৃষি মন্ত্ৰালয়ে এটা পেনেল গঠন কৰিছে। কিয়নো ঘেঁহুৰ বাবে মাৰ্চ মাহতো উপযুক্ত সময়।

উল্লেখ্য যে, ২০১৫ চনৰ পৰা, তাপ তৰংগৰ দ্বাৰা প্ৰভাৱিত ভাৰতীয় ৰাজ্যৰ সংখ্যা বৃদ্ধি পাইছে। ২০২০ চনত ইয়াৰ সংখ্য়া ২৩ খন হৈছিলগৈ। তাপ তৰংগ হৈছে এক তাপ প্ৰবাহ যাক সাধাৰণতে দেশত গ্ৰীষ্মকালত স্বাভাৱিক আৰু সৰ্বাধিক তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা বুজায়।

১২২ বছৰ পাছত ফেব্ৰুৱাৰীত এক ভীষণ পৰিৱৰ্তন! সতৰ্কবাণী জাৰি কৰিলে...
জন কল্যাণমূলক আঁচনিৰ ফোপোলা স্বৰূপ! টকা দিও পোৱা নাই ৰেচন কাৰ্ড,আৱাস গৃহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in