Advertisment

১০০ খন দেশলৈ অস্ত্ৰ ৰপ্তানি ভাৰতৰঃ শীৰ্ষ ৩ ৰাষ্ট্ৰই আচৰিত কৰিব আপোনাক

অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত এতিয়া বিশ্বৰ এক অন্যতম শক্তাশালী দেশলৈ পৰিণত হৈছে। কেইবাখনো দেশে ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰি আহিছে। বিশ্বৰ মুঠ ১০০ খন দেশলৈ অস্ত্ৰ ৰপ্তানি কৰে ভাৰতে।

author-image
Asomiya Pratidin
New Update
১০০ খন দেশলৈ অস্ত্ৰ ৰপ্তানি ভাৰতৰঃ শীৰ্ষ ৩ ৰাষ্ট্ৰই আচৰিত কৰিব আপোনাক

ডিজিটেল ডেস্কঃ অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত এতিয়া বিশ্বৰ এক অন্যতম শক্তাশালী দেশলৈ পৰিণত হৈছে। কেইবাখনো দেশে ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰি আহিছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰা দেশসমূহৰ ভিতৰত সৰ্বাধিক অস্ত্ৰ ক্ৰয় কৰা শীৰ্ষ ৩ খন দেশৰ নাম প্ৰকাশ পাইছে। 

Advertisment

এই প্ৰতিবেদনত ভাৰতৰ পৰা সৰ্বাধিক অস্ত্ৰ ক্ৰয় কৰা যি তিনিখন ৰাষ্ট্ৰৰ নাম প্ৰকাশ পাইছে সেই নামে এতিয়া বহুতকে আচৰিত কৰি তুলিছে। বিশেষকৈ এই তালিকাত এনে দুখন দেশৰ নাম আছে যিয়ে অস্ত্ৰ বিক্ৰেতা হিচাপেই সমগ্ৰ বিশ্বতে পৰিচিত।

এই দুয়োখন দেশেই বিশ্ব ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাই আহিছে। এখনৰ আকৌ সমগ্ৰ ইউৰোপতে আছে শক্তিশালী প্ৰভাৱ। উল্লেখ্য যে, ভাৰতে ২০২৩-২৪ বৰ্ষত ২১ হাজাৰ কোটি টকাৰ অস্ত্ৰ ৰপ্তানি কৰিছে।

অথচ কিছু বছৰৰ আগলৈকে ভাৰতে কেৱল অস্ত্ৰ ক্ৰয়ৰ ওপৰতহে গুৰুত্ব দিছিল। ভাৰতে প্ৰধানতঃ আমেৰিকা যুক্ত ৰাষ্ট্ৰ, ফ্ৰান্স আদিৰ পৰা অস্ত্ৰ ক্ৰয় কৰি আহিছিল। কিন্তু এতিয়া এই দুয়োখন দেশলৈয়ো অস্ত্ৰ ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে।

তথ্য অনুসৰি ভাৰতে এতিয়া চৰকাৰী ভাৱে আৰু ব্যক্তিগতখণ্ডৰ জৰিয়তে বিশ্বৰ মুঠ ১০০ খন দেশলৈ অস্ত্ৰ যোগান ধৰে। ভাৰতে যোগান ধৰা এই অস্ত্ৰসমূহৰ ভিতৰত আছে ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুইজ মিছাইল, ডৰ্নিয়াৰ-২২৮ এয়াৰক্ৰাফ্ট, আৰ্টিলেৰী গান, ৰাডাৰ, আকাশ মিছাইল, পিনাকা ৰকেট আৰু মিছাইল অস্ত্ৰ পৰিবাহী বাহন আদি।

প্ৰতিবেদন অনুসৰি ভাৰতে বিমান আৰু হেলিকপ্টাৰ নিৰ্মাণৰ বাবে ফ্ৰান্সৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰে। এইসমূহ সামগ্ৰীৰ জৰিয়তে হায়দৰাবাদত টাটা বোয়িং এৰোস্পেছ উদ্যোগত আপাচি যুদ্ধ বিমানৰ বডী আৰু অংশ নিৰ্মাণ কৰা হয়। ইয়াৰ বিনিময়ত ফ্ৰান্সে ভাৰতৰ পৰা আকৌ ছফ্টৱেৰ আৰু ইলেক্ট্ৰনিক সঁজুলি ক্ৰয় কৰে।

ভাৰতৰ পৰা সৰ্বাধিক অস্ত্ৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত যি শীৰ্ষ ৩ খন দেশৰ নাম পোহৰলৈ আহিছে সেই কেইখন হৈছে ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু আৰ্মেনিয়া। আৰ্মেনিয়াই যোৱা ৪ বছৰত অস্ত্ৰ ক্ৰয়ৰ বাবে ভাৰতৰ সৈতে যোৱা চাৰি বছৰত বহু কেইখন চুক্ত সম্পন্ন কৰিছে।

তথ্য অনুসৰি ভাৰতৰ পৰা সৰ্বাধিক অস্ত্ৰ ক্ৰয় কৰে আৰ্মেনিয়াই। আজাৰবেইজানৰ সৈতে দেশখনৰ সংঘাত বৃদ্ধি পোৱাৰ পাছতে আৰ্মেনিয়াই ভাৰতৰ পৰা অস্ত্ৰ আমদানি কৰাত অধিক গুৰুত্ব দিছে। আৰ্মেনিয়াই ভাৰতৰ পৰা আকাশ এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম, পিনাকা মাল্টি-লান্স ৰকেট ছিষ্টেম আৰু ১৫৫এম এম আৰ্টিলেৰী গান ক্ৰয় কৰিছে।

 

ফ্ৰান্স ৰপ্তানি আমেৰিকা