/asomiyapratidin/media/media_files/2025/03/26/cNXYE0KfanhzTMQmUCZN.jpg)
ডিজিটেল ডেস্কঃ ভাৰতে থলুৱাভাৱে নিৰ্মাণ কৰা প্ৰথমটো এম আৰ আই মেচিন সম্পূৰ্ণ হৈ উঠিছে। অহা অক্টোবৰৰ ভিতৰত এইমছ দিল্লীত এই এম আৰ আই মেচিন পৰীক্ষাৰ বাবে স্থাপন কৰা হ’ব।
এই পদক্ষেপৰ লক্ষ্য হৈছে চিকিৎসাৰ খৰচ হ্ৰাস কৰা আৰু আমদানিকৃত চিকিৎসা সঁজুলিৰ ওপৰত নিৰ্ভৰশীলতা। কিয়নো বৰ্তমান ৮০-৮৫ শতাংশ সঁজুলি আমদানি কৰা হয়।
থলুৱা এম আৰ আই মেচিনে ভাৰতক চিকিৎসা প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক স্বাৱলম্বী কৰি তোলাত সহায় কৰিব৷ ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ বিভাগৰ অধীনত মুম্বাইত স্বায়ত্তশাসিত আৰ এণ্ড ডি লেবৰেটৰী হিচাপে স্থাপন কৰা ছ’চাইটি ফৰ এপ্লাইড মাইক্ৰৱেভ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এণ্ড ৰিচাৰ্চ (SAMEER)ৰ মাজতো প্ৰিমিয়াৰ ইনষ্টিটিউট আৰু ছ’চাইটি ফৰ এপ্লাইড মাইক্ৰৱেভ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এণ্ড ৰিচাৰ্চ (SAMEER)ৰ মাজতো এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
যি ১.৫ টেছলা এম আৰ আই স্কেনাৰৰ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ বিভাগৰ অধীনত মুম্বাইত স্বায়ত্তশাসিত আৰ এণ্ড ডি লেবৰেটৰী হিচাপে স্থাপন কৰা হৈছিল।
এইমছৰ তথ্য অনুসৰি দিল্লীৰ সঞ্চালক ডাঃ এম শ্ৰীনিবাসে কয় যে, "ভাৰতত ক্ৰিটিকেল কেয়াৰ, প'ষ্ট অপাৰেটিভ কেয়াৰ, আই চি ইউ, ৰবটিক্স, এম আৰ আইৰ গৰিষ্ঠসংখ্যক সঁজুলিয়েই আমদানিকৃত । কিন্তু আমি আমাৰ হাতত বিশ্বৰ সৰ্বোত্তম সঁজুলি থকাটো বিচাৰো।
তাৰোপৰি তেওঁ কয় আমি অনুভৱ কৰো এইমছ হৈছে সকলোৰে আদৰ্শ আৰু পছন্দৰ। আমি দেশৰ অপূৰণীয় প্ৰয়োজন আৰু প্ৰত্যাহ্বানসমূহ পূৰণ কৰিব বিচাৰো।