নতুন দিল্লীত হ’বলগীয়া দেশৰ প্ৰথমখন ভাৰ্চুৱেল বিদ্যালয় সন্দৰ্ভত বৈঠক

নতুন দিল্লীত হ’বলগীয়া দেশৰ প্ৰথমখন ভাৰ্চুৱেল বিদ্যালয় সন্দৰ্ভত বৈঠক

author-image
asomiyapratidin
New Update
নতুন দিল্লীত হ’বলগীয়া দেশৰ প্ৰথমখন ভাৰ্চুৱেল বিদ্যালয় সন্দৰ্ভত বৈঠক

ডিজিটেল ডেস্কঃ দিল্লী চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত দিল্লীত ভাৰ্চুৱেল বিদ্যালয় নিৰ্মাণৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। এই সম্পৰ্কত উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিচোদিয়াই বৃহস্পতিবাৰে শীৰ্ষ বিষয়া আৰু শিক্ষকসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত দিল্লীত আৰম্ভ হ'ব লগা দেশৰ প্ৰথমখন দিল্লী মডেল ভাৰ্চুৱেল বিদ্যালয়ৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে।

Advertisment

দিল্লী মডেল ভাৰ্চুৱেল বিদ্যালয়ৰ বিশেষত্বৰ কথা উল্লেখ কৰি উপ-মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই কয় যে, এই বিদ্যালয়খন আন যিকোনো বিদ্যালয়ৰ দৰেই নিয়মীয়া হ'ব। বিদ্যালয়ত শিক্ষাৰ্থী, শিক্ষক, নিয়মীয়া শিক্ষণ-শিকন কাৰ্যকলাপৰ দৰে অধ্যয়নৰ সকলো ব্যৱস্থা থাকিব।

উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক আৰু আই টি বিষয়াসকলক ৬ জনীয়া সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। সমিতিখনে ইয়াৰ গৱেষণাত বিশ্বব্যাপী অন্যান্য মডেল অধ্যয়ন কৰিব আৰু এসপ্তাহৰ ভিতৰত ভাৰ্চুৱেল বিদ্যালয়ৰ বাবে এটা ব্লুপ্ৰিণ্ট দাখিল কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় যে, ভাৰ্চুৱেল বিদ্যালয়খনে যিকোনো সময়তে  শিক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষা নীতিৰ ওপৰত কাম কৰিব আৰু সেই ভিত্তিত শিক্ষাৰ্থীসকলক সুবিধা প্ৰদান কৰিব। ভাৰ্চুৱেল বিদ্যালয়খনত শিল্পী, খেলুৱৈ, যুৱক সকলোৰে শিক্ষা গ্ৰহণৰ ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব, লগতে ঘৰৰ পৰা অধ্যয়ন কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবেও বিশেষ সুবিধা থাকিব।