/asomiyapratidin/media/media_files/2025/05/03/Q1opswt73ibg7YY0Y3yj.jpg)
ডিজিটেল ডেস্কঃ ইছলামাবাদক ভাতে মৰাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে পৰিকল্পনা। ২২ এপ্ৰিলৰ পাছত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ মাজতে ভাৰতে অতি শেহতীয়াকৈ পাকিস্তানৰ পৰা সকলো ধৰণৰ সামগ্ৰী আমদানিত নিষেধাজ্ঞা জাৰি কৰিছে। শনিবাৰে এক চৰকাৰী বিজ্ঞপ্তিত দেশৰ বৈদেশীক বাণিজ্য বিভাগৰ ফালৰ পৰা এই কথা স্পষ্ট কৰিছে।
এই বিজ্ঞপ্তিত কোৱা হৈছে পাকিস্তানত উৎপাদিত বা ৰপ্তানি কৰা সকলো সামগ্ৰী, প্ৰত্যক্ষ বা পৰোক্ষ আমদানি বা পৰিবহণ, সেয়া মুক্তভাৱে আমদানি বা অনুমোদনৰ অধীনতে হওক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত তাৎক্ষণিকভাৱে নিষিদ্ধ কৰা হৈছে।
এই নিষেধাজ্ঞা ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰাজহুৱা নীতিৰ স্বাৰ্থত জাৰি কৰা হৈছে। ভাৰত চৰকাৰৰ অনুমোদন অবিহনে এই নিষেধাজ্ঞাৰ যিকোনো ধৰণৰ ব্যতিক্ৰম হব নোৱাৰিব। ইতিমধ্যে এই নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে। পাকিস্তানৰ সৈতে যোগাযোগ ৰক্ষা কৰিব পৰা সকলো বন্দৰো বন্ধ কৰি দিয়া হৈছে।
উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত হৈছিল পেহেলগামৰ বৈছাৰণ ভেলীত পৰ্যটকৰ ওপৰত আক্ৰমণ। এই আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছে পাকিস্তান। আক্ৰমণকাৰী দুই সন্ত্ৰাসবাদী পাকিস্তানী বুলি নিশ্চিত হৈছে।এই আক্ৰমণৰ আঁৰত হাফিজ ছাইদ থকাৰ সম্ভাৱনাও প্ৰবল হৈছে।
এই পৰিস্থিতিত দুয়োখন দেশৰ মাজত সম্পৰ্ক যথেষ্ট অৱনতি ঘটিছে। এনে পৰিস্থিতিত পাকিস্তান চৰকাৰে ভাৰতৰ সৈতে সকলো দ্বিপাক্ষিক বাণিজ্য স্থগিত ৰখাৰ সিদ্ধান্ত পূৰ্বে ঘোষণা কৰিছিল। বৰ্তমানৰ পৰিস্থিতি ইছলামবাদো বিপদত পৰিছে। কিয়নো পাকিস্তান বহু ক্ষেত্ৰত ভাৰতীয় সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল।
ভাৰতৰ এই সিদ্ধান্তৰ ফলত পাকিস্তানৰ বজাৰত আটাইতকৈ বেছি নাটনি হৈছে ঔষধ। ভাৰতৰ পৰা ঔষধ বা ঔষধ প্ৰস্তুৰ বাবে কেঁচা মালৰ যোগান ধৰা নহয় তেন্তে পাকিস্তানৰ বহু ৰোগী ঔষধ অবিহনেই মৃত্যু মুখত পৰিব লাগিব। এই সংকটৰ কথা উপলব্ধি কৰিয়েই পাকিস্তানৰ চৰকাৰী বিষয়াসকলে জৰুৰীভাৱে দেশখনৰ ঔষধ নিৰ্মাতা আৰু যোগানকাৰীৰ সৈতে বৈঠকত মিলিত হৈছে।
ভাৰতৰ এই ঘোষণাই পাকিস্তানৰ বাবে বিপদ আৰু অধিক বৃদ্ধি কৰিছে। তাৰোপৰি নতুন দিল্লীয়ে আই এম এফ, বিশ্ব বেংক বা এছিয়ান ডেভেলপমেণ্ট বেংকৰ দৰে প্ৰতিষ্ঠানসমূহকো পাকিস্তানক ঋণ নিদিবলৈ অনুৰোধ জনাইছে। এই প্ৰতিষ্ঠানৰ পৰা ধন লৈ ইছলামাবাদে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰি আহিছে বুলি ভাৰতে স্পষ্টকৈ জনাই দিছে।