/asomiyapratidin/media/media_files/2025/01/18/3bg6JiXIVFaB4Zv6UM1A.jpg)
ডিজিটেল ডেস্কঃ ককেচাছ অঞ্চলৰ এখন গুৰুত্বপূৰ্ণ দেশ আৰ্মেনিয়া। এই দেশখনে শেহতীয়াকৈ ভাৰতৰ সৈতে দ্বিপাক্ষীক সম্পৰ্ক যথেষ্ট শক্তিশালী কৰি তুলিছে। পশ্চিম এছিয়াৰ এই দেশখনে শেহতীয়াকৈ ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয়েৰে বিশ্বৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।
এই দেশখনে অতি শেহতীয়াকৈ ভাৰত আৰু ফ্ৰান্সৰ সৈতে একত্ৰিতভাৱে ট্ৰাজন ১৫৫ মিমি ট’ড আৰ্টিলাৰী গান প্ৰণালী নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপে আৰ্মেনিয়াৰ প্ৰতিৰক্ষা আধুনিকীকৰণৰ ক্ষেত্ৰত ভাৰতক এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে লৈছে।
উল্লেখ্য যে, যোৱা কেইবছৰমানত, ভাৰতে আৰ্মেনিয়ালৈ উন্নত বন্দুক, ৰকেট, ৰাডাৰ আৰু মিছাইল প্ৰণালী যোগান ধৰিছে। ২০২৩ চনৰ নৱেম্বৰত আৰ্মেনিয়াই ভাৰতৰ পৰা প্ৰথমে পিনাকা মাল্টি-বেৰেল ৰকেট লঞ্চাৰ আৰু ইয়াৰ সৈতে সম্পৰ্কিত সঁজুলি লাভ কৰে। যাৰ মূল্য আছিল ২৫০ নিযুত ডলাৰ।
২০২২ চনত আৰ্মেনিয়াই ১৫ টা আকাশ মিছাইল প্ৰণালীৰ অৰ্ডাৰ দিছিল। যাৰ মূল্য আছিল ৭২০ নিযুত ডলাৰ। যোৱা নৱেম্বৰ মাহত দেশখনে ইয়াৰে এটা অংশ লাভ কৰিছে। আমেৰিকা যুক্তৰাজ্য আৰু ফ্ৰান্সৰ পিছত আৰ্মেনিয়া এতিয়া ভাৰতীয় প্ৰতিৰক্ষা ৰপ্তানিৰ এক মুখ্য কেন্দ্ৰ।
আৰ্মেনিয়াই এইদৰে ভাৰতৰ সহায়ত প্ৰতিৰক্ষা আধুনিকীকৰণৰ আঁৰত অৱশ্যে আছে ইয়াৰ চাৰিওফালৰ ভূ-ৰাজনৈতিক পৰিস্থিতি। যোৱা ৫ টা বছৰৰ ভিতৰত এই দেশখনে দুখনকৈ যুদ্ধৰ সাক্ষী হৈছে। ২০২০ ত দ্বিতীয় নাগোৰ্নো-কাৰাবাখ যুদ্ধ আৰু ২০২৩ চনত আজাৰবাইজানী আক্ৰমণৰ সন্মুখীন হৈছে আৰ্মেনিয়া।
৪৪ দিনীয়া নাগোৰ্নো-কাৰাবাখ যুদ্ধত আজাৰবাইজানে আৰ্টচাখ আৰু আৰ্মেনিয়াৰ ৭২ শতাংশ অঞ্চল দখল কৰে। পিছত ২০২৩ চনত আজাৰবাইজানে নাগোৰ্নো-কাৰাবাখৰ সমগ্ৰ অঞ্চল দখল কৰে। এনে পৰিস্থিতিতে আৰ্মেনিয়াই ইয়াৰ প্ৰতিৰক্ষা খণ্ডৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে।
খ্ৰীষ্টান প্ৰধান দেশ আৰ্মেনিয়া দীৰ্ঘদিন ধৰি ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু বৰ্তমানৰ পৃথিৱীৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ বাবে ৰাছিয়া আৰু আৰ্মেনিয়াৰ মাজৰ ঘনিষ্ঠতা হ্ৰাস কৰিছে। দেশখন পশ্চিমদিশে ঢাল খাইছে। সেয়ে আৰ্মেনিয়াই এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছে।
অনুৰূপ ধৰণে ৰাছিয়াই আজাৰবাইজান আৰু তুৰ্কীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰিছে। এই পৰিৱৰ্তনশীল ভূ-ৰাজনৈতিক পৰিৱেশত, ভাৰতৰ উন্নত প্ৰতিৰক্ষা উৎপাদন খণ্ড আৰু ইউৰেচিয়ান অঞ্চলত কৌশলগত স্বাৰ্থৰ বাবে ভাৰত আৰ্মেনিয়াৰ বাবে হৈ পৰিছে এক স্বাভাৱিক পছন্দ।
২০১৫ চনৰ পৰা ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন ২.৬ গুণ বৃদ্ধি পাইছে। নতুন দিল্লীয়ে ২০২৮-২৯ বৰ্ষলৈ প্ৰতিৰক্ষা ৰপ্তানি ৫০,০০০ কোটি (প্ৰায় ৬০ বিলিয়ন ডলাৰ) লৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। ইয়াৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আৰ্মেনিয়া।
আৰ্মেনিয়াৰ বাবে ভাৰত বিভিন্ন অস্ত্ৰৰ লগতে গোলাবাৰুদ আৰু অন্যান্য পাতল অস্ত্ৰৰ এক বিশ্বস্ত যোগানকৰ্তা হৈ পৰিছে। আৰ্মেনিয়াই ইয়াৰ অস্ত্ৰ সৰবৰাহত বৈচিত্ৰতা আনিবলৈ ভাৰতৰ ফালে গতি কৰিছে।
পূৰ্বে আৰ্মেনিয়াৰ অস্ত্ৰ সৰবৰাহ দীৰ্ঘদিন ধৰি ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবেই আৰ্মেনিয়াই ৰাছিয়াৰ পৰিৱৰ্তে ভাৰতৰ কাষ চাপিছে।
আনহাতে ভূ-ৰাজনৈতিক পৰিস্থিতিত তুৰ্কীৰ প্ৰভাৱ প্ৰতিহত কৰাৰ বাবে ভাৰত-আৰ্মেনিয়া সম্পৰ্ক গুৰুত্বপূৰ্ণ হৈ পৰিছে। কিয়নো আজাৰবাইজানৰ সৈতে তুৰ্কীৰ ঘনিষ্ঠ সম্পৰ্ক আৰ্মেনিয়াৰ বাবে চিন্তাৰ বিষয়। তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানৰ ইছলামিক বিশ্বত নেতৃত্ব পুনৰুদ্ধাৰৰ ৰণনীতিও আৰ্মেনিয়াৰ বাবে উদ্বেগজনক হৈ পৰিছে বুলি অনুমান কৰা হৈছে।
অৱশ্যে ৰাছিয়াৰ সৈতে সম্পৰ্ক অৱনতি ঘটিলেও আৰ্মেনিয়াই ৰাছিয়াৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্ক অব্যাহত ৰাখিছে। কিয়নো আৰ্মেনিয়াৰ কৌশলগত স্থিতি ৰাছিয়াৰ স্বাৰ্থৰ বাবেও গুৰুত্বপূৰ্ণ।
আৰ্মেনিয়া এতিয়াও ৰাছিয়া নেতৃত্বাধীন সামূহিক সুৰক্ষা চুক্তি সংগঠন (চি এছ টি অ') ৰ এক গুৰুত্বপূৰ্ণ সদস্য। এতিয়াও মস্কোৱে আৰ্মেনিয়াৰ নিৰাপত্তা নীতিৰ ওপৰত প্ৰভাৱ পেলাই আহিছে।
ইফালে ভাৰত-আৰ্মেনিয়া সম্পৰ্কও কেৱল প্ৰতিৰক্ষা যোগান আৰু ক্ৰয়ৰ বিষয়তে সীমাবদ্ধ হৈ থকা নাই। ই চোৰাংচোৱা আদান-প্ৰদান, ছাইবাৰ প্ৰতিৰক্ষা আৰু যুটীয়া সামৰিক প্ৰশিক্ষণৰ দৰে ক্ষেত্ৰত অধিক বিস্তৃত হৈ পৰিছে। দুয়োখন দেশৰ এই সম্পৰ্কই বৃহত্তৰ কৌশলগত সমন্বয় গঢ়ি তোলাত সহায়ক কৰিছে বুলিও আশা কৰিছে বিশেষজ্ঞসকলে।