Advertisment

দিল্লী বিধানসভাই লগাইছে কেণাঃ ভংগ কৰাৰ দাবী INDIA মিত্ৰজোঁট

দিল্লী বিধানসভাৰ পূৰ্বেই ভংগ হ'ব পাৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ! লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক পৰাভূত কৰিবলৈ গঠন কৰা ইণ্ডিয়াই ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ ক্ষমতা দখল কৰিব নোৱাৰিলেও বিজেপিৰ শক্তি পূৰ্বতকৈ কিছু হ্ৰাস কৰিবলৈ সক্ষম হ'ল।

author-image
Asomiya Pratidin
New Update
দিল্লী বিধানসভাই লগাইছে কেণাঃ ভংগ কৰাৰ দাবী INDIA মিত্ৰজোঁট

ডিজিটেল ডেস্কঃ দিল্লী বিধানসভাৰ পূৰ্বেই ভংগ হ'ব পাৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ! লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক পৰাভূত কৰিবলৈ গঠন কৰা ইণ্ডিয়াই ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ ক্ষমতা দখল কৰিব নোৱাৰিলেও বিজেপিৰ শক্তি পূৰ্বতকৈ কিছু হ্ৰাস কৰিবলৈ সক্ষম হ'ল।

Advertisment

কিন্তু সেই ইণ্ডিয়াই এতিয়া ভংগ হোৱাৰ দিশে আগবাঢ়িছে। জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দু্ল্লাই মুকলিকৈয়ে কৈছে ইণ্ডিয় মিত্ৰজোঁটক ভংগ কৰি দিয়াই উচিত হ'ব।

দৰাচলতে দিল্লী বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু আম আদমি পাৰ্টি সমুখ সমৰত লিপ্ত হৈছে। লোকসভা নিৰ্বাচনত দিল্লীৰ ৭ খন আসনতে মিত্ৰতাৰে প্ৰতিদ্বন্দিতা কৰাৰ পাছত বিধানসভা নিৰ্বাচনত আপে অকলেই প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছিল।

সেই মতেই দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আপে দাবী কৰিছে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ যুঁজ কেৱল আপ আৰু বিজেপিৰ মাজত। ইয়াত ইণ্ডিয়া মিত্ৰজোঁটৰ কোনো ভূমিকা নাথাকিব।

অৰবিন্দ কেজৰিৱালৰ এই ভাষ্যক লৈ এতিয়া নানান প্ৰতিক্ৰিয় আহিছে। নেচনেল কনফাৰেঞ্চৰ নেতা ওমৰ আব্দুল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যদি বিৰোধীৰ মাজত একতা নাই তেন্তে ইণ্ডিয়া মিত্ৰজোঁটক ভংগ কৰি দিয়াই উচিত।

উল্লেখ্য যে, আপ আৰু কংগ্ৰেছে দিল্লী, গোৱা আৰু গুজৰাটত ঐক্যবদ্ধভাৱে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। দিল্লীতো ঐক্যবদ্ধভাৱেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও ইয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল।

দিল্লীৰ ৭ খন আসনৰ ভিতৰত ৭ খনেই বিজেপিয়ে জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছৰ পৰাই কংগ্ৰেছ আৰু আপৰ মাজত সংঘাত বৃদ্ধি হয়। এই সংঘাত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সময়তো স্পষ্টকৈ পোহৰলৈ আহিছিল।

দিল্লীত কংগ্ৰেছেৰে কোনো কাৰণতে মিত্ৰতা নকৰাৰ কথা ঘোষণা কৰি আপে আনকি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ বহু পূৰ্বেই প্ৰাৰ্থী ঘোষণা কৰিলে। এনে পৰিস্থিতিত ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহৰ মাজৰ একতাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে।

ওমৰ আব্দুল্লাই এই সন্দৰ্ভত কয়, দিল্লীত কি হৈ আছে মই নাজানো। দিল্লী বিধানসভা নিৰ্বাচনৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই। কিন্তু ইণ্ডিয়া মিত্ৰজোঁটৰ কোনো নিৰ্দিষ্ট সময় সীমা নাছিল।

তেওঁ আৰু কয়, "এইটো দুৰ্ভাগ্যজনক যে ইণ্ডিয়া ব্লকৰ কোনো বৈঠক হোৱা নাই। কোনে নেতৃত্ব দিব, কাৰ্যসূচী কি হ'ব, মিত্ৰজোঁট কেনেকৈ আগবাঢ়িব, এই বিষয়বোৰৰ ওপৰত কোনো আলোচনা হোৱা নাই। আমি ঐক্যবদ্ধ হৈ থাকিম নে নাথাকিম সেই বিষয়ে কোনো স্পষ্টতা নাই। যদিহে এই মিত্ৰতা কেৱল লোকসভা নিৰ্বাচনৰ বাবে আছিল, তেন্তে এতিয়াই মিত্ৰতা শেষ হোৱা উচিত।''

মন কৰিবলগীয়া যে, দিল্লীত সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতে ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহৰ মাজতো বিভাজন স্পষ্ট হৈ পৰিছে। তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে অৰবিন্দ কেজৰিৱালৰ সিদ্ধান্তক সমৰ্থন কৰিছে। ইয়াৰ বাবে কেজৰিৱালে মমতা বেনাৰ্জীক ধন্যবাদো দিছে।

সেইদৰে সমাজবাদী পাৰ্টি, শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটেও অৰবিন্দ কেজৰিৱালৰ সিদ্ধান্তকেই সমৰ্থন জনাইছে। উল্লেখ্য যে, অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ নিৰ্বাচন। ৭০ খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব ৮ ফেব্ৰুৱাৰীত। 

 

ওমৰ আব্দুল্লা দিল্লী বিধানসভা ইণ্ডিয়া মিত্ৰজোঁট অৰবিন্দ কেজৰিৱাল