/asomiyapratidin/media/media_files/2025/01/31/Xs7pvOMKukBKo6joyZrj.jpg)
ডিজিটেল ডেস্কঃ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জগতখনত আমেৰিকাৰ আধিপত্যক প্ৰত্যাহ্বান জনাই চীনৰ DeepSeek-এ বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে। তাৰ মাজতে ভাৰতেও অ’পেন এ আই জগতখনত প্ৰৱেশ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
আগন্তুক কেইটমান মাহৰ ভিতৰতে অ’পেন এ আই ChatGPT, Google-ৰ Gemini বা চীনৰ DeepSeek R1-ৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ মডেলৰ সৈতে প্ৰতিযোগিতাত নামিবলৈ ভাৰতে নিজা এ আই মডেল আৰম্ভ কৰিবলৈ ওলাইছে। কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে এক সংবাদ সম্মিলনত এই কথা ঘোষণা কৰিছে।
বিশ্বৰ অন্যান্য অপেন এ আই মডেলৰ সৈতে প্ৰতিযোগিতাত নামিব ভাৰতৰ এ আই মডেলে
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, "ভাৰতত নিৰ্মাণ হ'বলগীয়া প্ৰতিষ্ঠানিক এই মডেলসমূহ বিশ্বৰ শ্ৰেষ্ঠ মডেলৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হ’ব। আমি এলগৰিডমিক দক্ষতাৰ জৰিয়তে এই মডেলসমূহ কম সময়ৰ ভিতৰত সৃষ্টি কৰিব পাৰিম। কেইটামান মাহৰ ভিতৰত আমি বিশ্বমানৰ এ আই মডেল প্ৰস্তুত কৰিম।"
DeepSeek R1-ৰ সাফল্য
মাত্ৰ কেইটামন দিনৰ পূৰ্বে চীনত নিৰ্মিত অপেন এ আই মডেল DeepSeek R1-এ ২০ জানুৱাৰীত ChatGPT-ক পিছ পেলাই এপলৰ এপ ষ্টোৰত শীৰ্ষস্থান দখল কৰিছিল। চীনে নিৰ্মাণ কৰা DeepSeek ৰ এই মডেলটো অতি কম মূল্যত নিৰ্মাণ কৰা হৈছে।
ইয়াক নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে মাত্ৰ ৫.৬ নিযুত মাৰ্কিন ডলাৰ। ইয়াৰ বিপৰীতে আন এ আই মডেলসমূহ নিৰ্মাণ কৰা পৰ্বতসম অৰ্থ ব্যয় কৰা হৈছে। তাৰোপৰি চীনৰ DeepSeek R1 ব্যৱহাৰকাৰীসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া। ইয়াৰ ফলত বিশ্বৰ এ আই জগতখনত প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে।
ভাৰতৰ এ আই প্ৰকল্পৰ বাবে GPU সুবিধা
মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ভাৰত চৰকাৰে ১৮,৬৯৩টা GPU (Graphics Processing Unit) সমন্বিত এক কমন কম্পিউট সুবিধা আৰম্ভ কৰিব। য’ত প্ৰথম ১০,০০০ GPU অতি সোনকালে উপলব্ধ হ’ব। এই GPUসমূহ Yotta Data Services, Tata Communications, CMS Computers, E2E Networks, Jio Platforms, আৰু NxtGen Datacenter-ৰ দৰে ১০টা বেচৰকাৰী কোম্পানীয়ে যোগান ধৰিব। তাৰোপৰি ভাৰতে নিৰ্মাণ কৰিবলগীয়া এই এ আই মডেলসমূহ হ'ব অতি সুলভ মূল্যৰ।
কৃষি, জলবায়ু পৰিৱৰ্তন আদি ক্ষেত্ৰত AI প্ৰয়োগ
ভাৰত চৰকাৰে এ আই মডেলৰ জৰিয়তে কৃষি, শিকাৰ অক্ষমতা, আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ ১৮ টা প্ৰকল্প নিৰ্বাচন কৰিছে। ইয়াৰ উপৰিও, চৰকাৰে এ আই নিৰাপত্তাৰ বাবে এক হাব-এণ্ড-স্পোক মডেলত সংস্থা স্থাপন কৰিব। য’ত আই আই টি, আই আই আই টি আদিয়ে এ আই নিৰাপত্তা, ডাটা প্ৰাইভেচি আদিৰ দিশত কাম কৰিব।
ভাৰতৰ এ আই মিছনৰ লক্ষ্য
ভাৰত চৰকাৰে আৰম্ভলগীয়া এই এ আই প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰিছে ১০,৩৭২ কোটি টকা। ভাৰত চৰকাৰৰ এ আই মিছনত ১০,০০০ GPU-ৰ সুবিধা, স্থানীয় ডাটা সংগ্ৰহ, এ আই দক্ষতা বিকাশ, ষ্টাৰ্টআপৰ বাবে বিত্তীয় সহায়, আৰু নিৰাপদ এ আই প্ৰণালী গঠন আদি দিশসমূহ অন্তৰ্ভুক্ত হৈছে।
এ আই বিশেষজ্ঞৰ মন্তব্য
এ আই বিশেষজ্ঞসকলে ভাৰত চৰকাৰৰ এই সিদ্ধান্তৰ সন্দৰ্ভত কয়, ভাৰতৰ এই পদক্ষেপ ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ পৰা এক সঠিক সিদ্ধান্ত। Boston Consulting Group-ৰ এ আই বিশেষজ্ঞ অংকুশ ৱাধেৰাই কয় যে, "ভাৰত চৰৰকাৰে ভাৰতৰ জিডিপি ১০ ট্ৰিলিয়নলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। এই বৃদ্ধিৰ প্ৰধান চালিকা শক্তি হ’ব এ আই আৰু অন্যান্য অগ্ৰগামী প্ৰযুক্তি।" ভাৰতৰ এই এ আই মিছনে দেশখনক বিশ্বৰ এ আই প্ৰতিযোগিতাত এক শক্তিশালী স্থান দিব বুলি আশা কৰা হৈছে।