/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/cylinder.jpg)
ডিজিটেল ডেস্ক : আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে। নতুন নিৰিখ অনুসৰি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ৩৯ টকাকৈ বৃদ্ধি কৰা হৈছে।
নতুন নিৰিখৰ ভিত্তিত ১৯ কে জি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য নতুন দিল্লীত ১,৬৯১.৫০ টকা হয়গৈ। অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো সাল-সলনি ঘটোৱা নাই তৈল বিপণন কোম্পানীয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দেশৰ তৈল বিপণনকেইটাই ১ আগষ্টতো বৃদ্ধি কৰিছিল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। সেইবাৰ ৮.৫০টকা বৃদ্ধি কৰিছিল। অৱশ্যে চলিত বৰ্ষৰে জুলাইত ৩০ টকাকৈ হ্ৰাস কৰিছিল।
Also Read: কলীয়া ভোমোৰা দলঙৰ সমীপৰ পৰা আটক নাৰী দেহ সৰবৰাহকাৰী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us