বিচনাৰ তলৰ পৰা উদ্ধাৰ কৰা টকা দেখি চকু কপালত উঠিছে নেটিজেনৰ...

বিচনাৰ তলৰ পৰা উদ্ধাৰ কৰা টকা দেখি চকু কপালত উঠিছে নেটিজেনৰ...

author-image
Asomiya Pratidin
New Update
বিচনাৰ তলৰ পৰা উদ্ধাৰ কৰা টকা দেখি চকু কপালত উঠিছে নেটিজেনৰ...

বিচনাৰ তলৰ পৰা উদ্ধাৰ কৰা টকা দেখি চকু কপালত উঠিছে নেটিজেনৰ...

ডিজিটেল ডেস্কঃ বেংগালুৰৰ এটা ফ্লেটৰ পৰা উদ্ধাৰ কৰা নগদ ধনে চকু কপালত তুলিছে নেটিজেনৰ। আয়কৰ বিভাগে বৃহস্পতিবাৰে গভীৰ নিশা বেংগালুৰুৰ আৰটি নগৰৰ আত্মনন্দ কলনিৰ এটা ফ্লেটত অভিযান চলায়।

Advertisment

এই অভিযানত ফ্লেটৰ পৰা মুঠ ২১ টা টকা ভৰ্টি বক্স উদ্ধাৰ কৰে। এই আটাইকেইটা বক্সতে আছিল ৫০০ টকীয়া নোটৰ অসংখ্য বাণ্ডিল। আয়কৰ বিভাগৰ সূত্ৰৰ খবৰ অনুসৰি অভিযান চলোৱা ফ্লেটৰ গৰাকী কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক শ্ৰীনিবাস মূৰ্তিৰ আত্মীয়।

তদন্তকাৰী দলটোৰ দাবী তেওঁলোকে মুঠ ৪২ কোটি টকা জব্দ কৰিছে। তেওঁলোকে জনোৱা অনুসৰি ফ্লেটৰ এখন বিচনাৰ তলত ৰখা হৈছিল এই টকাখিনি। অৱশ্যে এই টকাখিনি কি কামত ব্যৱহাৰৰ বাবে এইদৰে ৰখা হৈছিল সেই বিষয়ে এতিয়াও জানিব পৰা নাই।

কেৱল সেয়াই নহয়, এই টকাখিনি কংগ্ৰেছ নেতাগৰাকীৰ আত্মীয়ৰ হয় নেকি বা যদি তেওঁৰ হয় তেন্তে এই টকাৰ উৎস কি সেই বিষয়েও এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য, বৃহস্পতিবাৰে বেংগালুৰু চগৰৰ বিভিন্ন স্থানত আয়কৰ বিভাগে অভিযান চলাইছিল। কংগ্ৰেছ নেতাগৰাকীৰ আত্মীয়ৰ ঘৰৰ উপৰিও আন ৫জন ঠিকাদাৰৰ ঘৰত চলাইছিল অভিযান।

Also Read: কুমাৰীকাটাত ট্ৰেইলাৰে মহতিয়াই নিলে দোকান, বাসগৃহঃ থিতাতে নিহত মহিলা, আহত ৪ জন...

বেংগালুৰু আয়কৰ বিভাগ