আজি অনুষ্ঠিত হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচন...

আজি অনুষ্ঠিত হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচন...

ডিজিটেল ডেস্ক : সুদীৰ্ঘ ২২ বছৰ পাছত আজি অনুষ্ঠিত হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচন । আগন্তুক ২০২৩ বৰ্ষত সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ'ব লগীয়া বিধান সভা নিৰ্বাচনৰ পূৰ্বে দলীয় সভাপতিৰ নিৰ্বাচনে বহন কৰিব এক গুৰুত্বপূৰ্ণ দ্বায়িত্ব । বিশেষকৈ শাসনাধিষ্ঠ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ হ'লে দলটোৰ আভ্যন্তৰীণ স্থিতি শান্ত হোৱাৰ প্ৰয়োজন । তেনেস্থলত দলক প্ৰয়োজন এগৰাকী শক্তিশালী সভাপতি ।  এই সমূহ দিশলৈ লক্ষ্য ৰাখিয়েই সোমবাৰে অনুষ্ঠিত কৰা হ'ব নিৰ্বাচনৰ ।

সততেই পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ উত্থাপন হৈ থকা দলটোৰ এই নিৰ্বাচনত অৱতীৰ্ণ নহয় গান্ধী পৰিয়ালৰ কোনো লোক । ইয়াৰ পৰিৱৰ্তে মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰ অৱতীৰ্ণ হৈছে দলটিৰ সভাপতি পদৰ আসনৰ দৌৰত । এই নিৰ্বাচনী প্ৰক্ৰিয়াত ভোটদান কৰিব সৰ্বমুঠ ২৮৯ গৰাকী নিৰ্বাচনী প্ৰতিনিধিয়ে ।

উল্লেখ্য যে, ১৯৯৮ চনৰ পৰাই দলটিৰ শাসনৰ বাঘজৰী আছিল গান্ধী পৰিয়ালৰ হাতত । ২০ বছৰ কাল কংগ্ৰেছ দলৰ সভাপতি ৰূপে ছোনিয়া গান্ধীয়ে কাৰ্যনিৰ্বাহ কৰাৰ ওপৰিও ২ বছৰ কাল এই পদত আছিল ৰাহুল গান্ধী ।

আনহাতে, ইয়াৰ পূৰ্বে বহু বিতৰ্কিত সীতাৰাম কেশৰী আছিল অন্তিম গৰাকী গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তি যি এই পদত কাৰ্যনিৰ্বাহ কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in