ষ্টাৰ্টআপ বৃদ্ধি, আমদানি হ্ৰাসৰ বাবে IN-SPACE এ মুকলি কৰিলে ৫০০ কোটিৰ পুঁজি...

ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰই মহাকাশ প্ৰযুক্তিক বাণিজ্যিকভাৱে আগবাঢ়ি যোৱাত সহায় কৰিবলৈ আৰু আমদানি হ্ৰাস কৰিবলৈ ৫০০ কোটি টকাৰ পুঁজি আৱণ্টন দিছে।

author-image
Asomiya Pratidin
New Update
ষ্টাৰ্টআপ বৃদ্ধি, আমদানি হ্ৰাসৰ বাবে  IN-SPACE এ মুকলি কৰিলে ৫০০ কোটিৰ পুঁজি...

ডিজিটেল ডেস্কঃ মহকাশ গৱেষণাত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে ভাৰত চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰই মহাকাশ প্ৰযুক্তিসমূহক বাণিজ্যিকভাৱে আগবাঢ়ি যোৱাত সহায় কৰিবলৈ আৰু আমদানি হ্ৰাস কৰিবলৈ ৫০০ কোটি টকাৰ পুঁজি আৱণ্টন দিছে। ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰই বিশ্ব মহাকাশ উদ্যোগত বজাৰ অংশীদাৰিত্ব বৃদ্ধি কৰিব বিচাৰিছে।

Advertisment

এই সন্দৰ্ভত এক বিবৃতিত কয় যে, এই পুঁজিয়ে চৰকাৰী সংস্থাসমূহক ব্যক্তিগত খণ্ডৰ সৈতেও সংযোগ কৰিব, যাৰ লক্ষ্য হ’ব ভাৰতক ক্ৰমাৎ প্ৰতিযোগিতামূলক বজাৰত নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে স্থান দিয়া।

ইন-স্পেছৰ অধ্যক্ষ পৱন গোয়েংকাই কয় যে, এই পুঁজিয়ে ষ্টাৰ্টআপ, মজলীয়া আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে প্ৰকল্পৰ ব্যয়ৰ ৬০ শতাংশ পৰ্যন্ত, আৰু বৃহৎ উদ্যোগৰ বাবে ৪০ শতাংশ পৰ্যন্ত আৰ্থিক সহায় আগবঢ়াব, প্ৰতিটো প্ৰকল্পৰ সৰ্বোচ্চ পুঁজিৰ সীমা ২৫ কোটি টকা।

এই সমৰ্থনে কোম্পানীসমূহক নিজৰ প্ৰযুক্তি পৰিশোধন কৰিবলৈ, উৎপাদন প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ আৰু ভাৰতৰ ভিতৰত আৰু বিদেশতো বজাৰৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম কৰিব।’

দীৰ্ঘদিন ধৰি চৰকাৰী ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ আধিপত্য থকা এই খণ্ডটোক ভাৰত চৰকাৰে যোৱা বছৰ ব্যক্তিগত বিনিয়োগৰ বাবে মুকলি কৰি দিছিল।

ভাৰতে আশা কৰিছে উদাৰীকৰণে বিশ্বৰ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰিব। এনে বিনিয়োগৰ ফলত আমেৰিকা আৰু ইউৰোপত দেখা পোৱা বাণিজ্যিক মহাকাশ উত্থানৰ দৰেই ভাৰতৰো মহাকাশ গৱেষণাৰ খণ্ডটোৰ উত্থান হ’ব।

উল্লেখ্য যে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ জিঅ’ প্লেটফৰ্ম আৰু লাক্সেমবাৰ্গ ভিত্তিক এছ ই এছৰ যৌথ উদ্যোগে গিগাবিট ফাইবাৰ ইণ্টাৰনেট প্ৰদানৰ বাবে নিয়ন্ত্ৰণমূলক অনুমোদন লাভ কৰিছে। তাৰোপৰি ইলন মাস্কৰ ষ্টাৰলিংক আৰু আমাজনৰ কুইপাৰেও অনুজ্ঞাপত্ৰৰ বাবে অপেক্ষা কৰি আছে।

ইয়াৰ উপৰিও মহাকাশ ষ্টাৰ্টআপৰ বাবে ১০ বিলিয়ন টকাৰ সুকীয়া ভেঞ্চাৰ কেপিটেল ফাণ্ড অনুমোদন জনোৱাৰ লগতে ইছৰোৰ মূল উৎক্ষেপণ বাহনৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানক ঠিকা প্ৰদান কৰাৰ লগতে বিশ্বব্যাপী বাণিজ্যিক অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰা হৈছে।

 

ইছৰো মহাকাশ মহাকাশ গৱেষণাগাৰ