পঞ্জাৱৰ ভাৰত-পাক সীমান্তত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ...

সন্ত্ৰাসবাদীৰ আন এক বৃহৎ পৰিকল্পনা ব্যৰ্থ কৰিলে সুৰক্ষা বাহিনীয়ে। পঞ্জাৱৰ ভাৰত-পাক সীমান্তত সম্ভৱপৰ ভয়ংকৰ কূটাঘাতমূলক কাৰ্য ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে বি এছ এফে। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
পঞ্জাৱৰ ভাৰত-পাক সীমান্তত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ...

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰ আন এক বৃহৎ পৰিকল্পনা ব্যৰ্থ কৰিলে সুৰক্ষা বাহিনীয়ে। পঞ্জাৱৰ ভাৰত-পাক সীমান্তত সম্ভৱপৰ ভয়ংকৰ কূটাঘাতমূলক কাৰ্য ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে সুৰক্ষা বাহিনীয়ে। 

Advertisment

খবৰ অনুসৰি বি এছ এফে পঞ্জাৱৰ ভাৰত-পাক সীমান্তত বি এছ এফ আৰু স্থানীয় আৰক্ষীয়ে চলোৱা এক অভিযানত উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। অমৃতসৰ জিলাৰ ছাহোৱাল গাঁৱৰ কাষৰ খেতিপথাৰত উদ্ধাৰ হোৱা এই অস্ত্ৰ-শস্ত্ৰৰ মাজত আছে বৃহৎ পৰিমাণৰ আৰ ডি এক্সকে ধৰি অন্যান্য গোলাবাৰুদ। 

জানিব পৰা মতে কৃষকসকলে খেতি পথাৰত ঘেঁহু চপাই থকাৰ সময়তে এই অস্ত্ৰ-শস্ত্ৰসমূহ প্ৰত্যক্ষ কৰে। অৱশ্যে তেওঁলোকে প্ৰথমে এয়া অস্ত্ৰ-শস্ত্ৰ বুলি জনা নাছিল যদিও কেইবাটাও ডাঙৰ পেকেট দেখি সন্দেহ ওপজে আৰু স্থানীয় আৰক্ষীক খবৰ দিয়ে। 

এই খবৰ পোৱাৰ পাছতে স্থানীয় আৰক্ষী আৰু আৰু বি এছ এফ ঘটনাস্থলীত উপস্থিত হৈ সেই পেকেটসমূহ উদ্ধাৰ কৰে আৰু সমগ্ৰ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে। উদ্ধাৰ হোৱা সেই পেকেটসমূহ খুলি চাই সুৰক্ষা কৰ্মীসকলে। 

তাৰ পাছতেই পেকেটসমূহত এই অস্ত্ৰ-শস্ত্ৰসমূহ উদ্ধাৰ হয়। এই সন্দৰ্ভত আৰক্ষী বিষয়া মুখতিয়াৰ সিঙে সংবাদ মাধ্যমৰ আগত কয়, চকৱালাৰ কাষত এগৰাকী কৃষকে নিজৰ খেতি চপাই থকাৰ সময়তে কিছু সামগ্ৰী উদ্ধাৰ কৰিছিল।

তেওঁ লগতে এই কথাও জনাই যে, উদ্ধাৰ হোৱা দুটা পেকেটৰ ভিতৰত এটাৰ পৰা ৪.৫ কিলোগ্ৰাম আৰ ডি এক্স, ৫ টা গ্ৰেণেড, ৫ টা পিষ্টল, ৮ টা মেগজিন, ২২০ টা সজীৱ কাৰ্টিজ, ২ টা বেটাৰী, এটা ৰিম’ট কণ্ট্ৰ’ল যন্ত্ৰ আছে। এই সকলোবোৰ সুৰক্ষা বাহিনীয়ে জব্দ কৰিছে। 

 

ভাৰত-পাকিস্তান অস্ত্ৰ ভাণ্ডাৰ পঞ্জাৱ