/asomiyapratidin/media/media_files/2025/04/02/sc5L9qniiQfIV3vswJPt.jpg)
ডিজিটেল ডেস্কঃ সমবায় সমিতিৰ বাবে যোগ্য মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে গুজৰাটৰ আনন্দত ত্ৰিভুৱন সাহকাৰী বিশ্ববিদ্যালয় স্থাপনৰ বিধেয়কখন মঙলবাৰে সংসদে গৃহীত কৰে৷ বিধেয়কখনৰ জৰিয়তে গ্ৰাম্য ব্যৱস্থাপনা ইনষ্টিটিউট আনন্দক ত্ৰিভুৱন সাহকৰী বিশ্ববিদ্যালয় নামেৰে প্ৰতিষ্ঠা কৰাৰ লগতে ইয়াক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰিব বিচৰা হৈছে।
২৬ মাৰ্চত লোকসভাত গৃহীত হোৱা ত্ৰিভুৱন সাহকাৰী বিশ্ববিদ্যালয় বিধেয়কখন মঙলবাৰে ৰাজ্যসভাৰ অনুমোদনহয়। বিধেয়কখন সন্দৰ্ভত এক আলোচনাৰ উত্তৰত সহযোগিতা বিভাগৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহলে কয় যে এইখন সমবায় খণ্ডৰ প্ৰতি উৎসৰ্গিত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয়।
এই বিশ্ববিদ্যালয়খনক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ মৰ্যাদা দিয়া হ’ব আৰু প্ৰতি বছৰে ৮ লাখ লোকক প্ৰশিক্ষণ দিয়াৰ ক্ষমতা থাকিব বুলিও তেওঁ লগতে কয়। অহা পাঁচ বছৰত সমবায় খণ্ডত আনুমানিক ১৭ লাখ প্ৰশিক্ষিত পেছাদাৰীৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি মোহলে কয় যে এই প্ৰয়োজনীয়তা পূৰণত এই বিশ্ববিদ্যালয়ে সহায় কৰিব।