৬.৮ শতাংশ হ্ৰাস পাব পাৰে ভাৰতৰ অৰ্থনৈতিক বিকাশ...

বিশ্ব বেংকৰ পাছতেই আই এম এফক ভৱিষ্যতৱাণীয়ে এক নতুন সংকট কঢ়িয়াই আনিছে।

author-image
Asomiya Pratidin
New Update
৬.৮ শতাংশ হ্ৰাস পাব পাৰে ভাৰতৰ অৰ্থনৈতিক বিকাশ...

IMF cuts India’s FY23 growth forecast to 6.8%

ডিজিটেল ডেস্ক: বিশ্ব বেংকৰ পাছতেই আই এম এফক ভৱিষ্যতৱাণীয়ে এক নতুন সংকট কঢ়িয়াই আনিছে। আন্তৰ্জাতিক মুদ্ৰাননিধিয়ে মঙলবাৰে প্ৰকাশ কৰা বাৰ্ষিক বিশ্ব অৰ্থনীতি প্ৰতিবেদনত কোৱা হৈছে যে বিশ্ব অৰ্থনীতিত মন্দসদৃশ পৰিস্থিতিয়ে গ্ৰাস কৰিব।

Advertisment

প্ৰতিবেদন অনুসৰি ২০২৩ চনত মন্দাসদৃশ পৰিস্থিতি অনুভূত হ'ব। ভাৰততো অৰ্থনীতিৰ বিকাশ ৬.৮ শতাংশলৈ হ্ৰাস পাব। ইয়াৰ পূৰ্বে মুদ্ৰানিধিয়ে কৈছিল যে ভাৰতৰ জি ডি পি ৭.৪ শতাংশলৈ বৃদ্ধি পাব।

বিশ্ব বেংকৰ মতে দক্ষিণ এছীয় অৰ্থনীতিৰ ভিতৰত ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত পুনৰুত্থান ঘটিলেও বিশ্ব অৰ্থনীতিৰ পৰিৱেশৰ বাবে ভাৰতীয় অৰ্থনীতিও বিপৰ্যয়ৰ সন্মুখীন হ'ব। একাংশৰ মতে ইয়াৰ কাৰণ হ'ল- ৰাছিয়াক ইউক্ৰেইন আক্ৰমণ, জীৱন ধাৰণৰ ব্যয় বৃদ্ধি আৰু চীনা অৰ্থনীতিত চলা মন্দা।

IMF india