এইবাৰ বৃদ্ধি পাব গৰমৰ প্ৰকোপঃ ২০ দিন পৰ্যন্ত থাকিব গৰম বতাহ...

এইবাৰ বৃদ্ধি পাব গৰমৰ প্ৰকোপঃ ২০ দিন পৰ্যন্ত থাকিব গৰম বতাহ...
এইবাৰ বৃদ্ধি পাব গৰমৰ প্ৰকোপঃ ২০ দিন পৰ্যন্ত থাকিব গৰম বতাহ...

ডিজিটেল ডেস্কঃ এইবাৰ বেছি হ'ব গৰমৰ প্ৰকোপ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অনুমান কৰা অনুসৰি এপ্ৰিলৰ পৰা জুনৰ ভিতৰত তাপমাান অধিক হ'ব। এইবাৰ ২০ দিনৰ হিটৱেভৰ সম্ভাৱনা আছে।এই গৰম বতাহ সাধাৰণতে ৮ দিন থাকে যদিও এইবাৰ ইয়াৰ প্ৰকোপ বৃদ্ধি পাব।

আইএমডিৰ মতে আগন্তুক ৩ মাহত ৬ খন ৰাজ্য- মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত সকলোতকৈ বেছি গৰম হোৱাৰ সম্ভাৱণা আছে।

আইএমডিৰ ডাইৰেক্টৰ জেনেৰেল মৃত্যুঞ্জয় মহাপাত্ৰই সোমবাৰে এই বিষয়ে জনায়। তেওঁৰ মতে, এপ্ৰিলৰ পৰা জুন মাহলৈ ভাৰতৰ বেছিভাগ অঞ্চলত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ যথেষ্ট বেছি থকাৰ সম্ভাৱনা আছে। আনহাতে সমভূমিৰ বেছিভাগ অংশত স্বাভাৱিকতকৈ অধিক গৰম বতাহ অনুভৱ কৰিব।

তেওঁ লগতে কয়, দেশৰ বিভিন্ন অঞ্চল যেনে মধ্য, পশ্চিম প্ৰান্ত আদিত গৰম অত্যাধিক হ'ব। আনহাতে পশ্চিম হিমালয় অঞ্চল, উত্তৰ-পূবৰ ৰাজ্য সমূহ আৰু উত্তৰ উৰিষ্যাৰ কিছু অংশত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিক বা স্বাভাৱিকতকৈ কম থকাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগৰ মতে এপ্ৰিলত সমগ্ৰ দেশত বৰষুণ (এলপিএৰ ৮৮-১১২ শতাংশ) সামান্য পৰিমাণে হোৱাৰ সম্ভাৱণা আছে। উত্তৰ-পশ্চিম ভাৰতৰ বেছিভাগ অংশ আৰু মধ্য ভাৰতৰ অংশ, উত্তৰ উপদ্বীপীয় ভাৰত, পূব আৰু উত্তৰ-পূব ভাৰতৰ কিছু অংশত বৰষুণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। পূব আৰু পশ্চিম উপকূল, পূব আৰু উত্তৰ-পূব ভাৰত আৰু পশ্চিম মধ্য ভাৰতত বৰষুণ স্বাভাৱিকতকৈ কম হোৱাৰ সম্ভাৱনা আছে।

এইবাৰ বৃদ্ধি পাব গৰমৰ প্ৰকোপঃ ২০ দিন পৰ্যন্ত থাকিব গৰম বতাহ...
গৰাখহনীয়া! ভয়াবহ বিপদৰ আশংকাত ত্ৰস্তমান আঠখন গাঁৱৰ ৰাইজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in