ডিজিটেল সংবাদ, নতুন দিল্লীঃ ভাৰত বাণিজ্য প্ৰসাৰ সংস্থাই (ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যন) নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ৰ আয়োজন কৰিছে। এইবাৰৰ বিকশিত ভাৰত ২০৪৭ শীৰ্ষক বিষয়েৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৱে অসমক ৰাজ্যখনৰ শক্তিশালী ঔদ্যোগিক বিকাশ, ভৱিষ্যতমুখী পদক্ষেপ আৰু পৰিৱৰ্তনশীল নীতি আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত অসমৰ দৃষ্টিভংগী প্ৰদৰ্শনৰ বাবে এক আদৰ্শ মঞ্চ আগবঢ়াইছে ।
অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে আয়োজন কৰা অসম পেভিলিয়ন ২০২৪ ত অসম চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থা যেনে অসম পৰ্যটন বিভাগ, অসম ঔদ্যোগিক উন্নয়ন নিগম, চাহ সঞ্চালকালয় গুৱাহাটী, চাহ নিলাম কেন্দ্ৰ, তথ্য আৰু জনসংযোগ সঞ্চালকালয়, উত্তৰ-পূব উন্নয়ন বিত্ত নিগম লিমিটেড আৰু অসম চৰকাৰী বিপণন নিগম লিমিটেড আদিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।
অসম পেভিলিয়নত এম এছ এম ই খণ্ডৰ সুপ্ৰতিনিধিত্ব আছে, ৩৬ খন বিপনীত খাদ্য সামগ্ৰী, হস্তশিল্প, হস্ততাঁত, আৰু চাহ আদি বিভিন্ন খণ্ড প্ৰদৰ্শন কৰা হৈছে যিয়ে অসমৰ উদ্যোগী মনোভাৱক প্ৰতিফলিত কৰিছে । ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্ট (অ’ডিঅ’পি)ৰ সামগ্ৰী আৰু ৰাজ্যৰ পৰা উদীয়মান ষ্টাৰ্টআপেও এই মেলাত অংশগ্ৰহণ কৰিছে ।
অসম মণ্ডপত ৰাজ্যখনৰ উৎপাদন, প্ৰযুক্তি, পৰ্যটন, আৰু আন্তঃগাঁথনিকে ধৰি বিভিন্ন খণ্ডৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা হৈছে, লগতে পূব ভাৰতৰ এক প্ৰধান অৰ্থনৈতিক কেন্দ্ৰ হোৱাৰ দৃষ্টিভংগীও প্ৰদৰ্শন কৰা হৈছে। দৰ্শকসকলে এই মেলাত উন্নয়ন প্ৰক্ৰিয়াত অসমৰ যাত্ৰা আৰু ইয়াৰ কৌশলগত ভৱিষ্যত পদক্ষেপৰ বিষয়ে জানিব পাৰিব, যেনে উন্নত অৰ্ধপৰিবাহী সুবিধাৰ উন্নয়ন, যাৰ লক্ষ্য ৰাজ্যখনক উচ্চ প্ৰযুক্তি উৎপাদনত শীৰ্ষ স্থান প্ৰদান কৰা, দক্ষ নিয়োগৰ সুবিধাৰ সৃষ্টি কৰা আৰু প্ৰযুক্তিগত বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰা ।
এই পেভিলিয়নে নবীকৰণযোগ্য শক্তি খণ্ডত ৰাজ্যখনৰ গুৰুত্ব, অ’ডিঅ’পিক প্ৰসাৰিত কৰিবলৈ ইউনিটি মল প্ৰকল্প স্থাপন, আৰু সমগ্ৰ সম্প্ৰদায়ৰ মাজত সুলভতা উন্নত কৰাৰ বাবে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰী পদক্ষেপৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । ইয়াৰ উপৰিও ইয়াত অসমৰ বিকাশক বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে একাকাৰ কৰাৰ লক্ষ্যৰে আঁচনি আৰু নীতিসমূহ উপস্থাপন কৰা হৈছে।
২০২৪ চনৰ ২২ নৱেম্বৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত এক বিশেষ অনুষ্ঠান অসম দিৱসৰো আয়োজন কৰা হ’ব, য’ত পৰম্পৰাগত সংগীত, নৃত্য, আৰু কলাত্মক প্ৰদৰ্শনৰ জৰিয়তে দৰ্শকে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ আৰু বহনক্ষম উন্নয়নৰ দিশত চলি থকা যাত্ৰাক শীৰ্ষ কৰি বিকশিত অসমৰ এই ব্যাপক দৃষ্টিভংগীৰ অভিজ্ঞতা লাভ কৰিবলৈ অসম পেভিলিয়নে দৰ্শক, ব্যৱসায়িক নেতা, আৰু উদ্যোগ বিশেষজ্ঞসকলক উষ্ম আমন্ত্ৰণ জনাইছে।