/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5e3f77e1-8e91-40ea-8f80-a90332b66a06/crime.jpg)
ডিজিটেল ডেস্কঃ আইআইটি-হায়দৰাবাদৰ এজন ২০ বছৰীয়া ছাত্ৰৰ আত্মহত্যা। যোৱা সপ্তাহত বিশাখাপত্তনমত সাগৰত ডুবি আত্মহত্যা কৰিছিল যুৱকজনে। আত্মহত্যাৰ পথ বাছি লোৱা যুৱকজন ধনৱত কাৰ্তিক বুলি চিনাক্ত হৈছে।
কাৰ্তিকৰ পৰিয়াল তেলেংগনাত থাকে। ১৭ জুলাইৰ পৰা হোষ্টেল কেম্পাচৰ পৰা সন্ধানহীন হৈ আছিল তেওঁ। যেতিয়া যুৱকজনে পিতৃ-মাতৃৰ ফোনৰ উত্তৰ দিয়া নাই বুলি হোষ্টেল কৰ্তৃপক্ষই গম পাইছিল তেতিয়া ১৯ জুলাইত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল।
কাৰ্তিকৰ পৰিয়ালৰ লোকৰ মতে তেওঁ প্ৰতিদিনে মাতৃৰ লগত দুবাৰকৈ কথা পাতিছিল। কিন্তু ১৯ জুলাইৰ পৰা যেতিয়া কাৰ্তিকে ফোন ৰিচিভ কৰা নাছিল তেতিয়া চিন্তিত হৈ পৰিছিল।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে কাৰ্তিকে মাতৃলৈ শেষ ফোনটো বিশাখাপট্টানাৰ ওচৰৰ অঞ্চল এটাৰ পৰা কৰিছিল। চিচিটিভি ফুটেজ অনুসৰি, তেওঁক শেষবাৰৰ বাবে ১৯ জুলাইৰ পুৱতি নিশা সাগৰৰ পাৰৰ ওচৰত বিপদ সংকুল ঠাইত আছিল।
২০ জুলাইত আৰক্ষীয়ে সাগৰৰ পাৰত এটা মৃতদেহ উদ্ধাৰ কৰিছিল। মৃতদেহটো বয়োজ্যেষ্ঠ লোকৰ বুলি সন্দেহ কৰা হৈছিল যদিও মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহে যে সেই মৃতদেহটো যুৱকৰ। তাৰ পাছতে কাৰ্তিৰ পৰিয়ালে চিনাক্ত কৰে মৃতদেহ।
কাৰ্তিকৰ পৰিয়ালৰ ভাষ্য অনুসৰি কলেজত বেক লাগি থকাৰ বাবে তেওঁ চিন্তিত আছিল। হয়তো সেইবাবেই কাৰ্তিকে আত্মহত্যা কৰিব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Also Read: ছুপাৰী ছিণ্ডিকেটঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পি এক জেৰা