আপুনি যদি আইচক্ৰীম খাই, তেন্তে সাৱধান হঁওক...

আইচক্ৰীমৰ ভিতৰত ওলাল মানুহৰ কটা আঙুলি...

author-image
Asomiya Pratidin
New Update
আপুনি যদি আইচক্ৰীম খাই, তেন্তে সাৱধান হঁওক...

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্ক : আপুনি যদি অনলাইনত খাদ্য সামগ্ৰী ক্ৰয় কৰে তেন্তে এতিয়াৰে পৰা সাৱধান হঁওক। কিয়নো মুম্বাইত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাই আপোনাকো আচৰিত কৰি তুলিব।

Advertisment

পোহৰলৈ অহা খবৰ অনুসৰি মুম্বাই মহানগৰীৰ মালাড অঞ্চলৰ এগৰাকী মহিলাই অনলাইনত আইচক্ৰীম অৰ্ডাৰ কৰিছিল। নিৰ্দিষ্ট অলনাইন এপটোত দেখুওৱা আইচক্ৰীমৰ ফটো চাই মহিলাগৰাকীয়ে অৰ্ডাৰ দিছিল আইচক্ৰীম।

কিন্তু দুৰ্ভাগ্যজনকভাৱে মহিলাগৰাকী সৈতে যি কাণ্ড সংঘটিত হ’ল, সেই ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। পোহৰলৈ অহা খবৰ অনুসৰি মহিলাগৰাকীয়ে খাবলৈ লওতে আইচক্ৰীমটোৰ ভিতৰত মানুহৰ কটা আঙুলি এটা প্ৰত্যক্ষ কৰে। লগে লগে মহিলাগৰাকী হতবাক হয় আৰু কটা আঙুলি লাগি থকা আইচক্ৰীমটোৰ ফটো সামাজিক মাধ্যমত ৰাজহুৱা কৰে।

ইয়াৰ পাছতে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰে। ইতিমধ্যে নিৰ্দিষ্ট আইচক্ৰীম কোম্পানীটোৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইফালে কটা আঙুলিৰ টুকুৰাটো পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰিছে।

Also Read: কুৱেইটত নিহত ভাৰতীয়লৈ আৰ্থিক সাহায্যঃ ঘটনাস্থলীলৈ ৰাওনা মন্ত্ৰী কীৰ্তি বৰ্ধন সিং

mumbai ice cream