ৰাহুল গান্ধীয়ে ক'লে ভাৰতৰ পৰাজয়ৰ আঁৰৰ কাৰণঃ ষ্টেডিয়ামত আছিল হেনো 'অমংগলীয়া' !

ৰাহুল গান্ধীয়ে ক'লে ভাৰতৰ পৰাজয়ৰ আঁৰৰ কাৰণঃ ষ্টেডিয়ামত আছিল হেনো 'অমংগলীয়া' !
ৰাহুল গান্ধীয়ে ক'লে ভাৰতৰ পৰাজয়ৰ আঁৰৰ কাৰণঃ ষ্টেডিয়ামত আছিল হেনো 'অমংগলীয়া' !

ডিজিটেল ডেস্কঃ দেশৰ কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে এতিয়াও বিশ্বাস কৰিব পৰা নাই ভাৰতীয় ক্ৰিকেট দলটোৰ স্বপ্নভংগৰ কাহিনী। ১৯ নৱেম্বৰত আহমেদাবাদত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱা ভাৰতীয় দলটো ইয়াৰ আগলৈকে এখনো মেচত পৰাস্ত নোহোৱাকৈ অপ্ৰতিৰোধ্য হৈ আছিল।

বেটিং, বলিং সকলোতে ভাৰতীয় দলটোৰ প্ৰদৰ্শন আছিল আটাইকেইটা দলতকৈ উৰ্ধত। বিশ্ব ক্ৰিকেটৰ বহু দিগ্বজ ক্ৰিকেটাৰে মানি লৈছিল এইবাৰ ভাৰেতই দখল কৰিব বিশ্বকাপৰ খিতাপ। তাতে আহমেদাবাদৰ দৰে বিশাল ষ্টেডিয়ামত ভাৰতীয় দলটোক সমৰ্থনৰ বাবে থাকিব ১ লাখ ৩০ হাজাৰৰো অধিক দৰ্শক।

কিন্তু সকলোকে আচৰিত কৰি মেচখনত ভাৰতে অতি দুৰ্বল প্ৰদৰ্শনেৰে সহজে পৰাজয় স্বীকাৰ কৰি লয়। কিন্তু সকলোৰে মনত এটাই প্ৰশ্ন- কিয় ভাৰতৰ এই ছন্দ পতন? কিয় ভাৰতে ইমান সহজতে পৰাজয় স্বীকাৰ কৰি ল’লে?

ক্ৰিকেট বিশেষজ্ঞসকলো এই ক্ষেত্ৰত মৌন হৈ পৰিছে। কিন্তু তাৰ মাজতে এই পৰাজয়ৰ কাৰণ বিচাৰি পাইছে দেশৰ বিৰোধী ৰাজনৈতিক দলবোৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে এই পৰাজয়ৰ বাবে নাম নোকোৱাকৈয়ে জগৰীয়া কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। ৰাহুলৰ মতে ষ্টেডিয়ামত নৰেন্দ্ৰ মোডীৰ উপস্থিতিৰ বাবেই ভাৰতীয় দলটো পৰাস্ত হয়।

মঙ্গলবাৰে ৰাজস্থানৰ এখন নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে কয়, আমাৰ ল’ৰাহঁতে ভালেই খেলিছিল। বিশ্বকাপো জয় কৰিব পাৰিলে হয়। কিন্তু ‘অমংগলীয়া’ই সকলো নষ্ট কৰি দিলে। ৰাহুল গান্ধীয়ে অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম উল্লেখ নকৰিলে। কিন্তু মোডীৰ নাম উল্লেখ নকৰিলেও যে তেওঁ প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰিয়েই এই মন্তব্য কৰিলে সেয়া সকলোৱে বুজি পালে।

উল্লেখ্য যে, বিশ্বকাপৰ ফাইনেল উপভোগ কৰিবলৈ দেওবাৰে আহমেদাবাদৰ ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত আছিল। ভাৰতে পৰাজয়ৰ ক্ষণ গণি থকাৰ সময়ত তেওঁক দেখা গৈছিল ষ্টেডিয়ামৰ দৰ্শকলৈ চাই হাত জোকাৰি থকা।

ভাৰতৰ পৰাজয়ৰ পাছত ৰোহিত, বিৰাটকো সান্তনা দিছিল তেওঁ। ভাৰতীয় দলটোৰ ড্ৰেছিং ৰুমলৈ গৈছিল। কিন্তু তাৰ পাছতো মোডী এতিয়া বিৰোধী ৰাজনৈতিক নেতাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে।

ৰাহুলৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কটাক্ষ কৰিছিল মোডীক। শিৱ সেনা (উদ্ধৱ ঠাকৰে)ৰ সঞ্জয় ৰাউটেও ভাৰতৰ পৰাজয়ৰ বাবে কটাক্ষ কৰিছিল প্ৰধানমন্ত্ৰী মোডীক।

কংগ্ৰেছ নেতা মাণিকম ঠাকুৰৰ মতে আকৌ কংগ্ৰেছৰ সময়তহে ভাৰতে বিশ্বকাপৰ খিতাপ জয় কৰিব পাৰিছে। মোডীৰ ১০ বছৰীয়া শাসনকালত এটাও আই চি চিৰ ট্ৰফী জয় কৰিব পৰা নাই।

ইফালে বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পাছতে সামাজিক মাধ্যমতো প্ৰধানমন্ত্ৰী মোডী আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। এক্সত ট্ৰেণ্ডিঙত আছিল #PANAUTI মোডীৰ ফটো আৰু ভিডিঅ'ৰ #PANAUTI কেপচন লিখি সামাজিক মাধ্যম ভৰি পৰিছে। সেয়ে ৰাহুলেও সেয়াই কৰিলে। নাম নোকোৱাকৈয়ে মোডীক লক্ষ্য কৰি তেওঁ ৰাজহুৱা ভাৱে ব্যৱহাৰ কৰিলে এই শব্দ।

ৰাহুল গান্ধীয়ে ক'লে ভাৰতৰ পৰাজয়ৰ আঁৰৰ কাৰণঃ ষ্টেডিয়ামত আছিল হেনো 'অমংগলীয়া' !
উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰামদেৱৰ পতঞ্জলিঃ ভৰিব লাগিব কোটি টকাৰ জৰিমণা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in