মহিলা অগ্নিবীৰে যোগদান কৰিব পাৰিব ভাৰতীয় বায়ুসেনাত...

ৰাষ্ট্ৰীয় বায়ুসেনা দিৱসত এই ঘোষণা এয়াৰ চীফ মাৰ্শ্বাল বিবেক ৰাম চৌধাৰিৰ
মহিলা অগ্নিবীৰে যোগদান কৰিব পাৰিব ভাৰতীয় বায়ুসেনাত...

ডিজিটেল ডেস্ক : ভাৰতীয় বায়ু সেনাৰ ৯০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই বছৰ চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বায়ুসেনা দিৱসত উপস্থিত হৈ কেইবাটাও নতুন সংযোজনৰ কথা ঘোষণা কৰে এয়াৰ চীফ মাৰ্শ্বাল বিবেক ৰাম চৌধাৰিয়ে ।

ভাৰতীয় বায়ু সেনাত দেশে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰাই সংযোজন কৰা হোৱা নাছিল কোনো নতুন বিভাগৰ । শনিবাৰে আয়োজিত অনুষ্ঠানত উপস্থিত হৈ এয়াৰ চীফ মাৰ্শ্বাল গৰাকীয়ে কৰা ঘোষণা অনুসৰি, ভাৰতীয় বায়ু সেনাত সংযোজন কৰা হ'ব অস্ত্ৰ ব্যৱস্থা বিভাগৰ । এই বিভাগৰ হাতত থাকিব বায়ু সেনা বিভাগৰ সকলো ধৰণৰ অস্ত্ৰৰ দ্বায়িত্ব । যি পৰৱৰ্তী সময়ত প্ৰায় ৩,৪০০ কোটি টকাৰ ব্যয়ৰ পৰা আতৰাই আনিব বায়ু সেনাক ।

বিবেক ৰাম চৌধাৰিয়ে কোৱা অনুসৰি, এই সিদ্ধান্তটো সমগ্ৰ দেশবাসীৰ বাবেই এক ঐতিহাসিক মুহুৰ্ত । কিয়নো দেশে স্বাধীনতা লাভ কৰাৰ পাছত পোন প্ৰথমবাৰৰ বাবে বায়ু সেনাত সংযোজন হ'ব এটি বিভাগৰ ।

ইয়াৰ ওপৰিও, এয়াৰ চীফ মাৰ্শ্বাল গৰাকীৰ ঘোষণা অনুসৰি আগন্তুক বৰ্ষৰ পৰা বায়ু সেনাত যোগদান কৰিব পাৰিব মহিলা অগ্নিবীৰ সকলেও । ইয়াৰ পূৰ্বে কেৱল স্থল সেনাতহে যোগদানৰ অনুমতি লাভ কৰিছিল মহিলা অগ্নিবীৰ সকলে ।

ইয়াৰ বাবে বায়ু সেনাই নিজৰ প্ৰশিক্ষণ পদ্ধতি ইতিমধ্যেই সলনি কৰিছে যাতে অতি কম সময়ৰ ভিতৰতেই অগ্নিবীৰ সকল পাৰ্গত হৈ উঠে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in