ভাৰতীয় বায়ু সেনাত সংযোজন হ'ল লাইট কম্বেট হেলিকপ্তাৰ

'মেক ইন ইণ্ডিয়া'ৰ নতুন সফলতা
ভাৰতীয় বায়ু সেনাত সংযোজন হ'ল লাইট কম্বেট হেলিকপ্তাৰ

ডিজিটেল ডেস্ক : ভাৰতীয় বায়ু সেনাই সোমবাৰে উদ্বোধন কৰে ঘৰুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা লাইট কম্বেট হেলিকপ্তাৰ । এই হেলিকপ্তাৰ কেইখন যোধপুৰত আয়োজিত এক অনুষ্ঠানত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধাৰীৰ উপস্থিতিত উদ্বোধন কৰা হয় ।

'প্ৰচণ্ড' নামৰ এই যুজাৰু হেলিকপ্তাৰ কেইখনৰ উদ্বোধনৰ পাছত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিয়া মন্তব্য অনুসৰি, লাইট কম্বেট হেলিকপ্তাৰ কেইখনে দেশৰ প্ৰতিৰক্ষা বিভাগক অধিক শক্তিশালী কৰি তুলিব । ইয়াৰ উপৰিও, নৱৰাত্ৰিৰ মাজতেই বীৰ যোদ্ধাৰ ভূমি ৰাজস্থানত এই হেলিকপ্তাৰ কেইখন উদ্বোধন কৰাৰ ব্যৱস্থাই সোণত সুৱগা চৰোৱা বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

এই সন্দৰ্ভত, চীফ এয়াৰ মাৰ্শ্বেল ভি আৰ চৌধাৰীৰ মন্তব্য অনুসৰি, হেলিকপ্তাৰ কেইখনে ইতিমধ্যেই হিমালয় পৰ্বতৰ নিকটৱৰ্তী অঞ্চল সমূহত নিজৰ দক্ষতাৰ প্ৰমাণ দিছেই ।

উল্লেখ্য যে, ৫.৮ টনৰ যুটীয়া ইঞ্জিন থকা হেলিকপ্তাৰ কেইখনত আছে 'শক্তি' নামৰ ইঞ্জিন যি নিৰ্মাণ কৰিছে হিন্দুস্তান এৰ'নটিক লিমিটেড তথা ফৰাচী ইঞ্জিন নিৰ্মাতা চেফ্ৰ'নে । ইয়াৰ উপৰিও, আকাশ মাৰ্গত হ'ব পৰা যুজৰ বাবে সংযোজন কৰা হৈছে ২০ মিলিমিটাৰ দৈৰ্ঘ্যৰ গুলী বৰ্ষণ কৰিব পৰা টাৰেট গান আৰু ৭০ মিলিমিটাৰৰ ৰকেট প্ৰক্ষেপণ কৰিব পৰা মিছাইল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in