প্ৰশিক্ষণৰ বাবে উৰা মৰা বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, ২ জন পাইলট নিহত

প্ৰশিক্ষণৰ বাবে উৰা মৰা বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, ২ জন পাইলট নিহত

ডিজিটেল ডেস্কঃ তেলেংগানাত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। সোমবাৰে পুৱা তেলেংগানাৰ মেদক জিলাত ভাৰতীয় বায়ু সেনাৰ (আইএএফ) প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ ফলত দুজন পাইলটৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈকে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষই ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিছে।

দুৰ্ঘটনাৰ সময়ত বিমানখনত এজন প্ৰশিক্ষক আৰু এগৰাকী প্ৰশিক্ষাৰ্থী আছিল। বিমানখন হায়দৰাবাদৰ ওচৰৰ ডুণ্ডিগালৰ বায়ু সেনা একাডেমীৰ (এএফএ) পৰা উৰা মাৰিছিল। তাৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in