আদিত্য এল-১ প্ৰক্ষেপনৰ দিনা গম পাইছিলো মই দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলিঃ এছ সোমনাথ

আদিত্য এল-১ প্ৰক্ষেপনৰ দিনা গম পাইছিলো মই দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলিঃ এছ সোমনাথ

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ এছ সোমনাথে জনাই যে আদিত্য এল ১ অভিযান আৰম্ভ হোৱাৰ দিনা তেওঁ কৰ্কট ৰোগত আক্ৰান্ত বুলি গ'ম পাইছিল। ''টাৰ্মাক মিডিয়া হাউচ''ক দিয়া এক সাক্ষাৎকাৰত সোমনাথে কৈছিল যে তেওঁৰ পেটত থকা টিউমাৰৰ সফল অস্ত্ৰোপচাৰ হৈছিল আৰু তাৰ পিছত কেমোথেৰাপী কৰা হৈছিল । এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ।

কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ পৰিয়ালে প্ৰতিক্ৰিয়া কি আছিল সেই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে, নিসন্দেহে তেওঁলোক হতবাক হৈ পৰিছিল। কিন্তু এতিয়া মই কৰ্কট ৰোগ আৰু ইয়াৰ চিকিৎসাক সমাধান হিচাপে গন্য কৰো। ই দুৰাৰোগ্য নহয়।

তেওঁ কয় যে চন্দ্ৰযান-৩ অভিযানৰ সময়ত তেওঁ স্বাস্থ্যজনিত কিছু সমস্যাত ভুগিছিল। কিন্তু সেই বিষয়ে তেওঁ স্পষ্ট নাছিল।

কৰ্কট ৰোগৰ বিৰুদ্ধে তেওঁ কৰা যুঁজৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে "যেতিয়া মই এই প্ৰক্ৰিয়াটোৰ মাজেৰে গৈ আছিলো, মই তেতিয়া নিশ্চিত হৈছিলো আৰোগ্য হম বুলি।

এছ সোমনাথে কয় যে, এতিয়া তেওঁৰ কোনো বিষ নাই বা কষ্ট নাই। এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ আৰু পুনৰ কামত যোগদান কৰিছে।

আদিত্য এল-১ প্ৰক্ষেপনৰ দিনা গম পাইছিলো মই দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলিঃ এছ সোমনাথ
শিৱসাগৰত আৰম্ভ হ’ল  শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in