বিৰোধীৰ মুখ্যমন্ত্ৰীসকলক বাচি বাচি টাৰ্গেট কৰা হৈছেঃ মমতা বেনাৰ্জী...

বিৰোধীৰ মুখ্যমন্ত্ৰীসকলক বাচি বাচি টাৰ্গেট কৰা হৈছেঃ মমতা বেনাৰ্জী...

ডিজিটেল ডেস্ক : দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ অধ্যক্ষ অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। কেজৰিৱালৰ গ্ৰেপ্তাৰক অসাংবিধানিক বুলি কটাক্ষ কৰি নিজৰ টুইটাৰ হেণ্ডেলত বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে যে- বিৰোধীৰ মুখ্যমন্ত্ৰীসকলক টাৰ্গেট কৰি অসাংবিধানিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে।

টুইটাৰত বিজেপিক তীব্ৰ কটাক্ষ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- 'জনতাৰ দ্বাৰা নিৰ্বাচিত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছো। মোৰ দলীয় আৰু ব্যক্তিগতভাৱে তেখেতলৈ অটল সমৰ্থন আছে।

মই ব্যক্তিগতভাৱেও তেওঁৰ পত্নী সুনীতা কেজৰিৱালৰ সৈতে কথা পাতিছো। বিৰোধী মুখ্যমন্ত্ৰীসকলক নিৰ্বাচন কৰি উদেশ্যপ্ৰণোদিতভাৱে লক্ষ্য কৰি কৰি লোৱা হৈছে। বিজেপিত যোগদান কৰিবলৈ ইডি-চি বি আইক ব্যৱহাৰ কৰিছে বিজেপি চৰকাৰখনে। এয়া গণতন্ত্ৰৰ ওপৰত নিৰ্মম আঘাত। আমি ইণ্ডিয়া মিত্ৰজোঁটে এই সন্দৰ্ভত অচিৰেই নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিম।'

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায় ৬০০কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱাত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। প্ৰথমে ৯বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত নোহোৱাত অৱশেষত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

ইতিমধ্যে আদালতত মুখ্যমন্ত্ৰীগৰাকীৰ জামিনৰ বাবে বহুকেইখন আবেদন দাখিল কৰা হৈছে যদিও জামিন লাভ কৰাত ব্যৰ্থ হৈছে কেজৰিৱাল। ইফালে নিৰ্বাচনী কাৰ্যসূচীৰ মাজতে দেশজুৰি আপে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে।

বিৰোধীৰ মুখ্যমন্ত্ৰীসকলক বাচি বাচি টাৰ্গেট কৰা হৈছেঃ মমতা বেনাৰ্জী...
কৃষ্ণাইত ড্রাগছসহ আটক সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in