শ্ৰীৰামক প্ৰসাদ হিচাপে আগবঢ়োৱা হ’ব হায়দৰাবাদৰ পৰা অনা এই লাডু

হায়দৰাবাদত প্ৰস্তুত কৰা হৈছে এটা বিশেষ লাডু। এই লাডুটোৰ ওজন ১২৬৫ কিলোগ্ৰাম।ৰাম মন্দিৰত নৈবেদ্য হিচাপে আগবঢ়োৱাৰ বাবে তৈয়াৰ কৰা হৈছে এই প্ৰকাণ্ড আকৃতিৰ লাডুটো।

author-image
Asomiya Pratidin
New Update
শ্ৰীৰামক প্ৰসাদ হিচাপে আগবঢ়োৱা হ’ব হায়দৰাবাদৰ পৰা অনা এই লাডু

ডিজিটেল ডেস্ক: হায়দৰাবাদত প্ৰস্তুত কৰা হৈছে এটা বিশেষ লাডু। এই লাডুটোৰ ওজন ১২৬৫ কিলোগ্ৰাম।ৰাম মন্দিৰত নৈবেদ্য হিচাপে আগবঢ়োৱাৰ বাবে তৈয়াৰ কৰা হৈছে এই প্ৰকাণ্ড আকৃতিৰ লাডুটো।

Advertisment

নাগাভূষণ ৰেড্ডী নামৰ হায়দৰাবাদৰ এজন ব্যক্তিয়ে এই লাডুটো তৈয়াৰ কৰিছে।লাডুটো বনোৱাত তেওঁক সহায় কৰিছে আন ৩০জন লোকে। ২৪ ঘণ্টা ধৰি একেৰাহে কাম কৰি লাডুটো তেওঁলোকে তৈয়াৰ কৰিছে।এই লাডুটো ৰেফ্ৰিজেৰেটেড গ্লাছ বাকচত ভৰাই আয়োধ্যালৈ অনা হ’ব। 

এই সন্দৰ্ভত নাগভূষণ ৰেড্ডীয়ে প্ৰকাশ কৰা মতে, ২০২২ চনৰ পৰা মই শ্ৰী ৰাম কেটাৰিং নামৰে এটা কেটাৰিং সেৱা আৰম্ভ কৰিছিলো। যেতিয়া ৰাম মন্দিৰৰ ভূমি পূজা হৈ আছিল, মই মনতে ভাবিছিলো যে শ্ৰী ৰামক কি নৈবেদ্য দিব পাৰি।তাৰ পাছতেই মোৰ মনলৈ এই ধাৰণাটো আহিছিল আৰু এতিয়া এই ১,২৬৫ কিলোগ্ৰাম ওজনৰ লাডুটো মই ভগৱানৰ নামত উৎসৰ্গা কৰি মনত খুবেই শান্তি লাভ কৰিছো।'

উল্লেখ্য যে, ২২ জানুৱাৰীৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ কাৰ্যসূচীসমূহ মঙলবাৰৰ পৰা আৰম্ভ হৈছে।এই দিনটোত দেশ তথা বিদেশতো বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ প্ৰস্তুতি চলিছে।চালে চকু ৰোৱা হৈ পৰিছে সমগ্ৰ আযোধ্যা। 

Also Read: ৰাম মন্দিৰ : কিদৰে কৰা হয় প্ৰাণ প্ৰতিষ্ঠা, ইয়াৰ ৰীতি, মূৰ্তিৰ বিশেষত্ব কি জানি লওঁক