দিল্লীৰ সৰ্ববৃহৎ পাচলি বজাৰত বিধ্বংসী অগ্নিকাণ্ড

দিল্লীৰ সৰ্ববৃহৎ পাচলি বজাৰত বিধ্বংসী অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
দিল্লীৰ সৰ্ববৃহৎ পাচলি বজাৰত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল ডিস্কঃ দেশৰ ৰাজধানী দিল্লীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। শুকুৰবাৰে গধূলি ৰাজধানী চহৰখনৰ সৰ্ববৃহৎ পাচলিৰ পাইকাৰী বজাৰ আজাদপুৰ মণ্ডিত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

Advertisment

এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ ব্যৱসায়িক অঞ্চলটোকে জুইৰ লেলিহান শিখাই আৱৰি ধৰে। এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বজাৰখনত থকা এটা জাৱৰৰ দমৰ পৰাই ইয়াৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ঘটনাস্থলীত উপস্থিত বিষয়াই। বৰ্তমানলৈ এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই বুলিও জনাই বিষয়া গৰাকীয়ে।

উল্লেখ্য যে, ঘটনাস্থলীত মুঠ ১১খন ফায়াৰ ব্ৰিগেড উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

Also Read: গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

delhi market