Advertisment

হাবিৰ মাজত কাৰ এই ধন, সোণৰ ভাণ্ডাৰ? নগদ ১০ কোটি, ৫২ কেজি সোণ উদ্ধাৰ...

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ এক অৰণ্যৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবা কোটি টকা। লগতে উদ্ধাৰ হৈছে ৫২ কেজি সোণ। জানিব পৰা মতে এটা পৰিত্যক্ত বেগত উদ্ধাৰ হৈছে এই অৰ্থ আৰু অলংকাৰ ভাণ্ডাৰ।

author-image
Asomiya Pratidin
New Update
হাবিৰ মাজত কাৰ এই ধন, সোণৰ ভাণ্ডাৰ? নগদ ১০ কোটি, ৫২ কেজি সোণ উদ্ধাৰ...

হাবিৰ মাজত কাৰ এই ধন, সোণৰ ভাণ্ডাৰ? নগদ ১০ কোটি, ৫২ কেজি সোণ উদ্ধাৰ...

ডিজিটেল ডেস্কঃ এখন অতব্য অৰণ্য। এই গভীৰ অৰণ্যত ভাবিব নোৱাৰা ধৰণে ধন, সোণৰ যে এক ভাণ্ডাৰ থাকিব পাৰে সেয়া হয়তো কোনেও কল্পনা কৰিব নোৱাৰে। কিন্তু কল্পনা নকৰিলেও এখন চহৰৰ কাষতে থকা অৰণ্যৰ মাজৰ পৰা উদ্ধাৰ হৈছে কোটি কোটি টকাসহ আধা কুইণ্টলতকৈ অধিক সোণ। 

Advertisment

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ এক অৰণ্যৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবা কোটি টকা। লগতে উদ্ধাৰ হৈছে ৫২ কেজি সোণ। জানিব পৰা মতে এটা পৰিত্যক্ত বেগত উদ্ধাৰ হৈছে এই অৰ্থ আৰু অলংকাৰ ভাণ্ডাৰ।

এই অৰ্থ, স্বৰ্ণ ভাণ্ডাৰ উদ্ধাৰৰ পূৰ্বে এক গোপন সূত্ৰৰ দ্বাৰা আৰক্ষীয়ে লাভ কৰিছিল এই খবৰ। ভূপালৰ কাষৰ এখন হাবিত এখন বাহন পৰিত্যক্ত অৱস্থাত আছে। এই খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দলে গৈ সেই স্থানত উপস্থিত হয়।

আৰক্ষীৰ দলটোৱে বাহনখনৰ কাষত উপস্থিত হোৱাৰ পাছত বাহনখনৰ ভিতৰত টকাৰ বাণ্ডিল প্ৰত্যক্ষ কৰে। তাৰ পাছতেই আৰক্ষীৰ দলটোৱে আয়কৰ বিভাগক খবৰ দিয়ে।

আয়কৰ বিভাগৰ এটা দলে ঘটনাস্থলীলৈ আহি পুনৰ বাহনখনত তালাচী চলাই নগদ ১০ কোটি টকা উদ্ধাৰ কৰে। তাৰোপৰি সোণৰ টোপোলাও উদ্ধাৰ কৰে। জানিব পৰা মতে উদ্ধাৰ হোৱা সোণৰ পৰিমাণ প্ৰায় ৫২ কেজি।

উল্লেখ্য যে, যোৱা দুদিন ধৰি ভূপালৰ বিভিন্ন স্থানত আয়কৰ বিভাগে অভিযান চলাই আছে। তাৰ মাজতেই বৃহস্পতিবাৰে আৰক্ষীয়ে খবৰ লাভ কৰে চহৰৰ কাষৰ এই অৰণ্যত সন্দেহজনক এখন পৰিত্যক্ত বাহন প্ৰত্যক্ষ কৰাৰ বিষয়ে।

অৱশ্যে এতিয়ালৈকে এই ধন আৰু সোণ কাৰ, কোনে আহি এইদৰে অৰণ্যত পেলাই থৈছে তাৰ কোনো তথ্য এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। মন কৰিবলগীয়া যে, দুদিন পূৰ্বে ইন্দোৰত এটা গৃহ নিৰ্মাণ সংস্থাৰ মুঠ ৫১ টা স্থানত অভিযান চলাইছিল আৰক্ষীয়ে। সেই সংস্থাৰ সৈতে এই ধন, সোণৰ কিবা সম্পৰ্ক আছে নেকি সেয়াও তদন্তৰ অন্ততহে জানিব পৰা যাব বুলি প্ৰকাশ কৰিছে অভিযানকাৰী দলে।  

ভূপাল অবৈধ সোণ মধ্যপ্ৰদেশ