/asomiyapratidin/media/media_files/2025/02/25/Vd7LMbxwSkDrJQ5g3L2n.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ ৮৫ শতাংশ মাখানা উৎপাদন হয় বিহাৰত। বিহাৰৰ কৃষিখণ্ডত মাখনাৰ উল্লেখযোগ্য এক ভূমিকা আছে। যোৱা দশকত এই খেতিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে।
এই কৃষি পদ্ধতি পৰম্পৰাগত পুখুৰীভিত্তিক কৃষি ব্যৱস্থাৰ পৰা অধিক কাৰ্যক্ষম পথাৰ ভিত্তিক ব্যৱস্থালৈ স্থানান্তৰিত হৈছে। ফলত ইয়াৰ পৰিসৰ ৩৫,০০০ হেক্টৰৰো অধিকলৈ বৃদ্ধি পাইছে, আৰু উৎপাদনো দুগুণতকৈও অধিক বৃদ্ধি হৈছে। বৰ্তমান বিহাৰে অকলেই ৫৬,০০০ টনতকৈও অধিক মাখনা উৎপাদন কৰে।
কেন্দ্ৰীয় বাজেট ২০২৫-২৬ ত মখানা ব’ৰ্ড গঠনৰ ঘোষণা কৰা হৈছে। এই খণ্ডটোৰ বাবে মাখনা ব’ৰ্ড গঠন এক উল্লেখযোগ্য পদক্ষেপ। ইয়াৰ দ্বাৰা মাখানাৰ ব্ৰেণ্ড পৰিচয়, ঘৰুৱা আৰু বিশ্বব্যাপী ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। ফলত কৃষকৰ আয় আৰু ৰাজ্যৰ জিডিপি বৃদ্ধিৰো সম্ভাৱনা আছে।
ইয়াৰ উপৰিও ব’ৰ্ডে কৃষকসকলক আধুনিক খেতি কৌশল গ্ৰহণ কৰিবলৈ প্ৰশিক্ষণ, সম্পদ, আৰু আৰ্থিক সাহায্য প্ৰদান কৰিব। বিহাৰৰ সাংস্কৃতিক আৰু সামাজিক তন্ত্ৰৰ অবিচ্ছেদ্য অংগ হৈ আহিছে মাখানা। অনুষ্ঠান আৰু উৎসৱত ইয়াৰ ব্যৱহাৰে মাখনাৰ সাংস্কৃতিক গুৰুত্ব প্ৰতিফলিত কৰে আৰু স্বাস্থ্যসন্মত ছুপাৰফুড হিচাপে ইয়াৰ ক্ৰমবৰ্ধমান স্বীকৃতিয়ে বাণিজ্যিক সম্ভাৱনাক আলোকপাত কৰে।
কিন্তু খাদ্য সংসাধন প্ৰযুক্তিৰ অভাৱ আৰু বজাৰৰ সুবিধা সীমিত হোৱাৰ বাবে কেঁচা মাখানা সস্তা দামত বিক্ৰী কৰা হয়। শেহতীয়াকৈ ২০২৪ চনৰ নৱেম্বৰ মাহত বিহাৰ ভ্ৰমণৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰত্যক্ষভাৱে প্ৰত্যক্ষ কৰিছিল মখানাৰ অপৰিসীম সম্ভাৱনা। ব’ৰ্ডৰ আঁৰৰ দৃষ্টিভংগী হৈছে তিনিটা মূল ক্ষেত্ৰত মনোনিৱেশ কৰি প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা। এই তিনিটা মূল ক্ষেত্ৰ হৈছে উৎপাদন, প্ৰক্ৰিয়াকৰণ, আৰু বিপণন।
গৱেষণা আৰু উন্নয়নৰ জৰিয়তে ব’ৰ্ডে উচ্চ উৎপাদনক্ষম জাতৰ মাখানাৰ উৎপাদন কৰিব, কৃষি পদ্ধতি উন্নত কৰিব, আৰু উন্নত উৎপাদনশীলতাৰ বাবে আধুনিক কৌশলৰ প্ৰশিক্ষণ আগবঢ়াব। বিহাৰ চৰকাৰে স্থাপন কৰা ৰাজসাহায্য আঁচনিসমূহে কৃষকক উদগনি দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
মাখানা ব’ৰ্ডে কৃষকসকলক প্ৰয়োজনীয় সঁজুলি, আৰু প্ৰযুক্তিৰ সুবিধা নিশ্চিত কৰাত সহায় কৰিব। এই ব্যাপক পদ্ধতিয়ে বৰ্তমান ব্যৱহৃত পৰম্পৰাগত, শ্ৰম-নিবিড় পদ্ধতি আৰু উৎপাদনশীলতা আৰু লাভজনকতা বৃদ্ধি কৰিব পৰা অধিক কাৰ্যক্ষম পদ্ধতিসমূহৰ মাজৰ ব্যৱধান দূৰ কৰিব।
ইতিমধ্যে ভাৰত চৰকাৰে মিথিলা মাখানাৰ বাবে ভৌগোলিক সূচক (জি আই) টেগো প্ৰদান কৰিছে। ফলত মাখানাৰ অনন্য মানদণ্ড আৰু উৎপত্তিৰ স্থানৰ নিশ্চয়তা প্ৰদান কৰিছে। যাৰ ফলত ই আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰে।
মাখানা ব’ৰ্ডৰ সৈতে সংগতি ৰাখি কৃষক উৎপাদক সংস্থা (এফ পি অ’)ৰ সৃষ্টিয়ে কৃষকসকলক সামূহিকভাৱে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ, সম্পদসমূহৰ সুবিধা লাভ কৰিবলৈ, আৰু পৰিসৰৰ অৰ্থনীতিৰ লাভ উঠাবলৈ সক্ষম কৰিব।
বিহাৰে সমগ্ৰ ৰাজ্যতে ১০০০ ৰো অধিক এফ পি অ’ স্থাপন কৰিছে। বিহাৰ চৰকাৰৰ কৃষি বিভাগে ২০৩৫ চনৰ ভিতৰত মাখানাৰ খেতিৰ ক্ষেত্ৰখন ৭০ হাজাৰ হেক্টৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে, আগন্তুক তিনিবছৰত বীজৰ উৎপাদন প্ৰায় দুগুণ হোৱাৰ সম্ভাৱনা আছে।
এই বৃদ্ধিয়ে একে সময়ছোৱাত পপড মাখানাৰ উৎপাদন ২৩,০০০ৰ পৰা ৭৮,০০০ মেট্ৰিক টনলৈ বৃদ্ধি কৰিব। কৃষক পৰ্যায়ত এই খণ্ডৰ মূল্য ২০৩৫ চনৰ ভিতৰত ৫৫০ কোটিৰো অধিকৰ পৰা ৩৯০০ কোটিলৈ বৃদ্ধি হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
অহা দশকত পপড মাখানাৰ বজাৰ মূল্য ২০০০ কোটি টকাৰ পৰা ১৩,২৬০ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যিয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধিৰ প্ৰতিফলন ঘটাব।
এই সম্প্ৰসাৰণে ৰাষ্ট্ৰীয় অৰ্থনীতিলৈ খণ্ডটোৰ অৱদান বৃদ্ধি কৰিব। নিয়োগৰ সুযোগো সম্প্ৰসাৰিত হ’ব, ২০৩৫ চনৰ ভিতৰত কৃষি পৰ্যায়ৰ নিয়োগ ২০,০০০ৰ পৰা ৫০,০০০ পৰিয়াললৈ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। উৎপাদনৰ পিছৰ মূল্য শৃংখলত নিয়োগ ৫,০০,০০০ৰ পৰা ৭,০০,০০০লৈ বৃদ্ধি পাব।