৪৫ দিনীয়া আয়োজন, ৬৫ কোটিৰ সমাগম। মহাকুম্ভৰ পৰা কিমান ধন উপাৰ্জন যোগী চৰকাৰৰ?

১৪৪ বছৰৰ পাছত আয়োজিত এই মহাকুম্ভত স্নান কৰিবলৈ আহিছিল দেশী-বিদেশী প্ৰায় ৬৫ কোটিৰো অধীক লোকে। স্বাভাকিকতে এতিয়া প্ৰশ্ন উঠিছে, এই মহাকুম্ভ মেলাৰ পৰা কিমান উপাৰ্জন কৰিলে চৰকাৰে?

author-image
Asomiya Pratidin
New Update
৪৫ দিনীয়া আয়োজন, ৬৫ কোটিৰ সমাগম

৪৫ দিনীয়া আয়োজন, ৬৫ কোটিৰ সমাগম

ডিজিটেল ডেস্ক - অৱশেষত অন্ত পৰিল মহাকুম্ভ মেলাৰ। প্ৰায় ৭ হাজাৰ কোটি টকা খৰছ কৰি উত্তৰপ্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে প্ৰয়াগৰাজত আয়োজন কৰিছিল এই মহাকুম্ভ মেলাৰ। ১৪৪ বছৰৰ পাছত আয়োজিত মহাকুম্ভত স্নান কৰিবলৈ আহিছিল দেশী-বিদেশী প্ৰায় ৬৫ কোটিৰো অধিক লোকে। দেশৰ সাধাৰণ নাগৰিকৰ পৰা ৰাজনৈতিক নেতা, চেলিব্ৰিটিলৈকে ভাগ লৈছিল মহাকুম্ভ মেলাত।  স্বাভাৱিকতে এতিয়া প্ৰশ্ন উঠিছে, এই মহাকুম্ভ মেলাৰ পৰা কিমান উপাৰ্জন কৰিলে  চৰকাৰে?

Advertisment

 এই সন্দৰ্ভত যোগী চৰকাৰৰ মন্ত্ৰী অনিল ৰাজভৰে সদৰী কৰিছে ডাঙৰ তথ্য। ৰাজভৰে জনায়, মহাকুম্ভৰ জৰিয়তে ৬০ লাখ লোকে কৰ্মসংস্থাপন লাভ কৰিছে। লগতে  চৰকাৰে ৭হাজাৰ কোটি টকা খৰছ কৰি এই মহা কুম্ভৰ জৰিয়তে প্ৰায় ৩ লাখ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

 লগতে শ্ৰম আৰু নিয়োগ মন্ত্ৰীগৰাকীয়ে  বিৰোধীকো কৰে কটাক্ষ। মহাকুম্ভ মেলাৰ বিভিন্ন দিশক লৈ বিৰোধীয়ে চৰকাৰক কৰি আহিছে সমালোচনা।  ৰাজভৰে কয় , বিৰোধীয়ে সনাতনৰ গৌৰৱ হজম কৰিবলৈ সক্ষম হোৱা নাই।  সনাতন ভাৰতৰ আধ্যাত্মিক শক্তি আৰু ইয়াৰ গ্ৰহণযোগ্যতা কেৱল দেশতে নহয়, বিশ্বত বৃদ্ধি পাইছে। বিৰোধীয়ে এই কথা ভাল নাপায়৷ যিসকল নির্বাচনী হিন্দু, যিসকল নির্বাচনী সনাতনী, তেওঁলোকে কুম্ভলৈও যাব নোৱাৰিলে আৰু কোনোবাই গ’লে আন্ধাৰত ডুব গ’ল, গতিকে এনে লোকৰ পৰা কি আশা কৰিব পাৰি৷ অনিল ৰাজভৰৰ এই মন্তব্য এতিয়া ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

uttar pradesh goverment মহাকুম্ভ মেলা uttar pradesh uttar pradesh update yogi aditya nath