“প্ৰতিবেদন দাখিল কৰোটো কিদৰে অপৰাধ হ’ব পাৰে ?” মণিপুৰ আৰক্ষীক উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

“প্ৰতিবেদন দাখিল কৰোটো কিদৰে অপৰাধ হ’ব পাৰে ?” মণিপুৰ আৰক্ষীক উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন
Published on
Updated on

ডিজিটেল ডেস্কঃ মণিপুৰৰ জনগোষ্ঠীয় সংঘাতৰ বিষয়ে সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰিৰ মূল্যায়ন কৰিবলৈ এডিটৰচ গিল্ড অৱ ইণ্ডিয়াৰ ৩ জনীয়া দল এটা মণিপুৰলৈ গৈছিল। মণিপুৰৰ পৰিস্থিতি সম্পৰ্কে প্ৰকৃত তথ্য বিচাৰি যোৱা এইদলটোৰ ৩জন সদস্য আৰু এডিটৰচ গিল্ডৰ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল মণিপুৰ আৰক্ষীয়ে। অভিযোগকাৰীয়ে অভিযোগ কৰিছিল যে, দলটোৱে দাখিল কৰা প্ৰতিবেদনখনত ভুল তথ্য প্ৰকাশ কৰা হৈছে আৰু প্ৰথম তথ্য প্ৰতিবেদনত থকা অভিযোগসমূহৰ ভিতৰত বিভিন্ন গোটৰ মাজত শত্ৰুতাক প্ৰসাৰ কৰাও হৈছিল।

এই গোচৰৰ শুনানিৰ সময়ত শুকুৰবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে কয় যে, যি অভিযোগৰ ভিত্তিত এজাহাৰ ৰুজু হৈছে, তাত অপৰাধৰ চিন নাই। লগতে কেৱল প্ৰতিবেদন দাখিল কৰাটোৱে কেনেকৈ অপৰাধ হ’ব পাৰে  বুলি প্ৰশ্নও উত্থাপন কৰিলে ৩জনীয়া বিচাৰপীঠৰ দলটোৱে।

এডিটৰচ গিল্ডৰ দলটোক সেনাই মণিপুৰলৈ নিমন্ত্ৰণ কৰা বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে, সেনাৰ  ছলিচিটৰ জেনেৰেলে এডিটৰচ গিল্ডক নিমন্ত্ৰণ জনাইছিল। মণিপুৰ সন্দৰ্ভত বিভিন্ন পক্ষপাতমূলক প্ৰতিবেদন প্ৰকাশ হৈ থকাৰ বাবেই প্ৰকৃত পৰিস্থিতিৰ বুজ লৈ এখন নিৰপেক্ষ প্ৰতিবেদন দাখিলৰ বাবে তেওঁলোকক নিমন্ত্ৰণ কৰি নিয়া হৈছিল। সেই প্ৰতিবেদন শুদ্ধ বা ভুল হ’ব পাৰে।

অভিযোগকাৰীক গোচৰ কিয় বাতিল কৰিব নালাগে বুলি প্রশ্ন কৰি বিচাৰপীঠে উত্তৰৰ বাবে ২সপ্তাহৰ সময় দিয়ে৷

উল্লেখ্য যে, যোৱা ২ ছেপ্টেম্বৰত প্ৰকাশিত প্ৰতিবেদনত এডিটৰচ গিল্ডে প্ৰকাশ কৰিছিল যে, সংঘাতৰ সময়ত মণিপুৰৰ নেতৃত্ব পক্ষপাতদুষ্ট হৈ পৰাৰ স্পষ্ট ইংগিত পোৱা গৈছে। ইয়াৰ উপৰিও ৰাজ্যখনত ইণ্টাৰনেট নিষেধাজ্ঞাৰ সমালোচনা কৰি কিছুমান সংবাদ মাধ্যমৰ একপক্ষীয় প্ৰতিবেদন দিয়া বুলিও অভিযোগ উত্থাপন কৰিছিল ইডিটৰচ গিল্ডে।

“প্ৰতিবেদন দাখিল কৰোটো কিদৰে অপৰাধ হ’ব পাৰে ?” মণিপুৰ আৰক্ষীক উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন
সীমাৰ পৰিধি ভাঙি জ্ঞান খেপিয়াই ফুৰা মানুহজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in