মহানগৰত মে' মাহত হ্ৰাস পাইছে ঘৰুৱা থালি প্ৰস্তুত ব্যয়....

শেহতীয়াকৈ দেশৰ মহানগৰসমূহত হোটেল, ৰেষ্টুৰাৰ সমান্তৰালকৈ ঘৰত ৰন্ধা খাদ্যৰ চাহিদা বৃদ্ধি পাইছে। একাংশই ঘৰতে ৰান্ধি খাদ্য যোগান ধৰি আহিছে বিভিন্নজনক।

author-image
Tushar Pratim
New Update
মহানগৰত মে' মাহত হ্ৰাস পাইছে ঘৰুৱা থালি প্ৰস্তুত ব্যয়....

ডিজিটেল জেস্কঃ শেহতীয়াকৈ দেশৰ মহানগৰসমূহত হোটেল, ৰেষ্টুৰাৰ সমান্তৰালকৈ ঘৰত ৰন্ধা খাদ্যৰ চাহিদা বৃদ্ধি পাইছে। একাংশই ঘৰতে ৰান্ধি খাদ্য যোগান ধৰি আহিছে বিভিন্নজনক। হোটেল, ৰেষ্টুৰাৰ খাদ্যতকৈ বহুগুণে উন্নত আৰু স্বাস্থ্যৰ বাবেও উপযোগী বুলি বিশ্বাস কৰা এই খাদ্যই এফালে গ্ৰাহকক আকৰ্ষণ কৰাৰ সমান্তৰালকৈ ঘৰুৱা ৰান্ধনীৰো উপাৰ্জনৰ নতুন পথ মুকলি কৰিছে।

Advertisment

CRISIL ৰ এক সহযোগী এক সংস্থাই শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি চলিত মে’ মাহত ঘৰতে ৰন্ধা এনে থালিৰ মূল্য সামান্য হ্ৰাস পাইছে।CRISIL ৰ সহযোগী সংস্থাই প্ৰকাশ কৰা ‘ৰুটি-ৰাইচ ৰেট’ শীৰ্ষক  প্ৰতিবেদন অনুসৰি বজাৰত শাক-পাচলিৰ মূল্য কিছু হ্ৰাস পোৱাৰ বাবে এনে থালিৰ মূল্য কিছু হ্ৰাস পাইছে।

মুম্বাইত এনে ঘৰুৱা থালি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ব্যয় মে’মাহত নিৰামিষৰ ক্ষেত্ৰত ২৬.২ টকা আৰু আমিষ খাদ্যৰ থালি প্ৰস্তুত ব্যয় ৫২.৬ টকা হৈছে। এপ্ৰিল মাহত নিৰামিষ থালিৰ প্ৰস্তুত ব্যয় আছিল ২৬.৩ টকা আৰু যোৱা বছৰৰ মে’ মাহত আছিল ২৭.৮ টকা। একেদৰে আমিষ আহাৰৰ থালি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত চলিত বছৰৰ মে’ মাহত ৫২.৬ টকা, এপ্ৰিল মাহত ৫৩.৯ টকা আৰু যোৱা বছৰৰ মে’ মাহত আছিল ৫৫.৯ টকা।

প্ৰতিবেদন অনুসৰি মে’ মাহত বিলাহীৰ মূল্য ২৯ শতাংশ, পিয়াঁজৰ মূল্য ১৫ শতাংশ আৰু আলুৰ মূল্য ১৬ শতাংশ হ্ৰাছ পোৱাৰ বাবেই ঘৰুৱা থালিৰ প্ৰস্তুত ব্যয় এইদৰে কিছু হ্ৰাস পাইছে।

CRISIL ইন্টেলিজেঞ্চৰ ডাইৰেক্টৰ পুষণ শৰ্মাই এই সন্দৰ্ভত কয়, “আগন্তুক সময়ত ছিজনেল পৰিবৰ্তনৰ বাবে শাক-পাচলিৰ দাম কিছু বৃদ্ধি পাব পাৰে যদিও মাকৈ আৰু ডাইলৰ ভাল উৎপাদন হোৱাৰ ফলত মূল্য কিছু হ্ৰাস হ’ব। ৰপ্তানিত প্ৰতিযোগিতামূলক মূল্যৰ বাবে চাউলৰ ৰপ্তানি পৰিমাণ ২০-২৫ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।”

আমিষ থালিৰ হ্ৰাসৰ মুখ্য কাৰণ হিচাপে ব্ৰইলাৰৰ মূল্য ৬ শতাংশ হ্ৰাসেই মুখ্য কাৰণ। এনে থালি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ব্ৰইলাৰৰ ব্যয়েই ৫০ শতাংশ। অৱশ্যে বাৰ্ড ফ্লুৰ বাবে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকৰ কিছু অঞ্চলত যোগান বৃদ্ধি পাইছে আৰু চাহিদা হ্ৰাস পাইছে।

আমিষেই হওঁক বা নিৰামিষেই হওঁক এনে ঘৰুৱা থালিৰ মূল্য আৰু অধিক হ্ৰাস হোৱাৰ স্থল আছিল যদিও তেলৰ মূল্যত ১৯ শতাংশ বৃদ্ধি, এল পি জি চিলিণ্ডাৰৰ মূল্য ৬ শতাংশ বৃদ্ধি  পোৱাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। 

খাদ্য প্ৰস্তুতকৰণ