গণিতৰ পৰীক্ষা বাতিল কৰাবলৈ ভুৱা বোমা আতংক!

শিক্ষাৰ্থী জড়িত থকাৰ অভিযোগ...

author-image
Asomiya Pratidin
New Update
গণিতৰ পৰীক্ষা বাতিল কৰাবলৈ ভুৱা বোমা আতংক!

ডিজিটেল ডেস্ক : অমৃতসৰৰ এখন ব্যক্তিগত বিদ্যালয়ত লাগিল হুৱাদুৱা। ১৬ ছেপ্তেম্বৰত বিদ্যালয়খনত বোমা বিষ্ফোৰণৰ ভাবুকি আহিল মেছেজত। নিমিষতে সকলো শিক্ষাৰ্থীৰ মাজত বিয়পি পৰিল মেছেজটো। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত কৰাত হে ফাদিল হ'ল প্ৰকৃত সত্য। গণিতৰ পৰীক্ষা বাতিল কৰাবলৈ এগৰাকী শিক্ষাৰ্থীয়ে নিজৰ পিতৃৰ ফোনৰ পৰাই পঠিয়াইছিল এই মেছেজ। 

Advertisment

উল্লেখ্য যে, অমৃতসৰত বিদ্যালয়ত বোমা বিষ্ফোৰণৰ ভুৱা আতংক সৃষ্টিৰ এইটো দ্বিতীয় ঘটনা এটা সপ্তাহতেই। ইয়াৰ পূৰ্বেও চহৰখনৰ এখন উচ্চ মানৰ ব্যক্তিগত বিদ্যালয়ত একেই গোচৰ ৰুজু হৈছিল ৭ ছেপ্তেম্বৰত। পাছত আৰক্ষীৰ তদন্তত ধৰা পৰিছিল ৩ জন ছাত্ৰ। 

amritsar bomb