/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/dbf7b7f3-69a8-425f-93a5-9a8d3f0fbbcd/ww2.jpg)
ডিজিটেল ডেস্ক : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ভাৰত স্বাধীনতাৰ আশাত বন্দী । শাসনৰ বাঘজৰী তেতিয়াও ইংলেণ্ডৰ ৰাণীৰ হাতত । মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতে দ্বিতীয় বিশ্বযুদ্ধত সক্ৰিয় অংশগ্ৰহণ নকৰে বুলি দাবী কৰাৰ পাছতো বিভিন্ন পৰ্যায়ত ৰয়েল ইণ্ডিয়ান আৰ্মীত বিভিন্ন পদবীত সেৱা আগবঢ়াই আছিল বহু ভাৰতীয়ই ।
এওঁলোকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাতো বৃটিছ সাম্ৰাজ্যক সহায় কৰিব লগীয়া হৈছিল । এতিয়াও দেশৰ বিভিন্ন প্ৰা ন্তত থকা যুদ্ধৰ স্মাৰকে সেই কথা সোৱৰাই দিয়ে ৰাইজক । গুৱাহাটীৰ শিলপুখুৰীস্থিত আৰু ডিগবৈৰ যুদ্ধৰ স্মাৰক স্বৰূপ কবৰস্থানতো দেখা যায় বহু কেইজন ভাৰতীয় কিশোৰৰ নামৰ ফলক যি বিশ্বযুদ্ধত শ্বহীদ হৈছিল । কিন্তু তাৰ বাহিৰে দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ অংশগ্ৰহণৰ বিষয়ে বৰ বিশেষ জনা নাযায় ।
কিন্তু শেহতীয়াকৈ ইংলেণ্ডৰ ড০ ঘী ব'মেন নামৰ এগৰাকী ইতিহাসবিদে পুনৰ সেই পাহৰা অধ্যায় মেলি দিছে সমগ্ৰ বিশ্বৰ সন্মুখত । জয় লাল নামৰ এগৰাকী ভাৰতীয় সেনা যি দ্বিতীয় বিশ্বযুদ্ধত যুদ্ধবন্দী হৈ ৰৈছিল শত্ৰুপক্ষৰ হাতত, তেওঁৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি বিশ্ববাসীক আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰাইছে ভাৰতীয় সকলৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত ।
ইতিহাসবিদগৰাকীৰ মতে, জয় লাল নামৰ এইগৰাকী সৈনিকৰ জন্ম হৈছিল ১৯২২ চনত বৰ্তমানৰ হাৰিয়ানাত । ইজিপ্তৰ আল এলমেয়াৰত যুদ্ধবন্দী হৈ থকা সৈনিক গৰাকী পূৰ্বতেও ফ্ৰান্স আৰু ইটালীত যুদ্ধবন্দী হৈ আছিল কিন্তু তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল জয় লালে । তেখেতক ইণ্ডিয়ান অৰ্ডাৰ অৱ মেৰিটও প্ৰদান কৰা হৈছিল যুদ্ধৰ সময়ত ফ্ৰান্সত এটি দল তৈয়াৰ কৰি পৰিচালনা কৰাৰ বাবে ।
Indian twitter - Can you help?
I’m trying to trace an Indian Army Prisoner of war from the Second World War. He may be in the photo below. His name was Jai Lal, he was born around 1922 in Madina village, Godhana Tehsil, Rohtak, about 90 kms west of Delhi, in #Haryana . pic.twitter.com/92amkKSNQg— Dr Ghee Bowman (@GheeBowman) April 10, 2023
কেৱল এয়াই নহয় বৰং ইতিহাসবিদগৰাকীয়ে ১৮ নং ভাৰতীয় পদাতিক ব্ৰিগেডৰ এখন বিৰল আলোকচিত্ৰ টুইটাৰযোগে প্ৰকাশ কৰি ভাৰতীয় সৈনিক গৰাকীৰ অস্তিত্বৰ কথা ঘোষণা কৰিছিল । ইতিহাসবিদগৰাকীৰ মতে জয় লালৰ চাৰ্ভিছ নং আছিল ৯০৪৯৩৫ । অৱশ্যে ইতিহাসবিদগৰাকীৰ ওচৰতো জয় লালৰ কোনো সঠিক আলোকচিত্ৰ নাই ।ইতিহাসৰ এনে এক তথ্য প্ৰকাশ কৰি এতিয়া সৰ্বত্ৰে চৰ্চিত ইতিহাসবিদগৰাকী ।
Also Read: সাংসদ নৱ কুমাৰ শৰণীয়া থকালৈকে BTC ত চৰকাৰে চলাব নোৱাৰে উচ্ছেদ...