/asomiyapratidin/media/media_files/2025/03/23/nyKSlLGy2EPZlMyad0S2.jpg)
বিনোদ কুমাৰ শুক্লালৈ জ্ঞানপীঠ
ডিজিটেল ডেস্ক: শনিবাৰে ঘোষনা কৰা হ'ল ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সন্মান জ্ঞানপীঠ বঁটাৰ। ৫৯ সংখ্যক জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত হল বিশিষ্ট হিন্দী সাহিত্যিক বিনোদ কুমাৰ শুক্লাক। ৮৮ বছৰীয়া চুটিগল্পকাৰ, কবি আৰু প্ৰবন্ধকাৰগৰাকী এই বঁটা লাভ কৰা দ্বাদশ হিন্দী সাহিত্যিক। আনহাতে ছত্তীশগড়ৰ পৰা এই বঁটা লাভ কৰা প্ৰথমজন সাহিত্যিক শুক্লা। বিশিষ্ট গল্পকাৰ তথা জ্ঞানপীঠ বঁটা বিজয়ী প্ৰতিভা সত্যজিৎৰ অধ্যক্ষতাত অনুষ্ঠিত জ্ঞানপীঠ বাছনি সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই বঁটাৰ লগত আছে ১১ লাখ টকাৰ নগদ পুৰস্কাৰ, হিন্দু বিদ্বান দেৱী সৰস্বতীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু প্ৰশস্তিপত্ৰ।
শুক্লাই ১৯৯৯ চনত "দীৱাৰ মেইন এক খিৰকী ৰাহাটি থি" নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। তেওঁৰ আন উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত বোলছবিলৈ ৰূপান্তৰিত কৰা উপন্যাস "নৌকাৰ কি কামিজ" (১৯৭৯) আৰু কবিতা সংকলন "সব কুচ হোনা বাচা ৰাহেগা" (১৯৯২) অন্যতম। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালপত বঁটা লাভ কৰি অতিশয় আনন্দিত হোৱা বুলি উল্লেখ কৰে শুক্লাই। লগতে দীৰ্ঘদিন ধৰি লিখা নাই বুলি অনুশোচনা কৰে সাহিত্যিকগৰাকীয়ে।