সুখবিন্দৰ সিং শুখু হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা...

দেওবাৰে হিমাচল প্ৰদেশৰ মন্ত্ৰী সভাৰ শপত গ্ৰহণৰ সম্ভাৱনা

author-image
Asomiya Pratidin
New Update
সুখবিন্দৰ সিং শুখু হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা...

himanchal pradesh

ডিজিটেল ডেস্ক : দেওবাৰ অৰ্থাৎ ১১ ডিচেম্বৰত হিমাচল প্রদেশ মন্ত্রীসভাৰ শপত গ্রহণৰ সম্ভাৱনা। কংগ্ৰেছ নেতৃত্বই শীঘ্ৰেই হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি সুখবিন্দৰ সিং শুখুক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰাৰ সম্ভাৱনা আছে।

Advertisment

উল্লেখ্য যে পৰৱৰ্তী পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ শনিবাৰে কংগ্ৰেছ বিধায়িনী দলৰ (চিএলপি) বৈঠকত হাইকামাণ্ড নেতাৰ আগত মুখ্যমন্ত্ৰীৰ পদৰ বাবে সুখবিন্দৰ সিং শুখুৰৰ প্ৰস্তাৱ আগবঢ়ায়। ইফালে মুকেশ অগ্নিহোত্রী হ’ব পাৰে হিমাচল প্ৰদেশৰ মন্ত্ৰীসভাৰ উপ-মুখ্যমন্ত্রী। লগতে কেবিনেট মন্ত্রী হ’ব প্রাক্তন মুখ্যমন্ত্রীৰ পুত্র বিক্রমাদিত্য সিং।

বৰ্তমানলৈ সঠিকভাৱে ক'ব নোৱাৰিলেও এই কেইজন নেতাৰ নাম উক্ত পদবীৰ বাবে চৰ্চাত আছে। উল্লেখ্য যে যোৱা ৮ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৬৮ খন আসনৰ ভিতৰত ৪০ খন আসন লাভ কৰি ৰাজ্যখনৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হয়।

আৰু পঢ়ক : লামডিঙৰ গুলীচালনা ঘটনাৰ বুজ ল'বলৈ উপস্থিত জি পি সিং, দুজনক আটক...

himachal pradesh election himachal pradesh new cm himachal pradesh