বৃদ্ধ মাতৃৰ ভৰণ-পোষণৰ বাবে দিব নোৱাৰে ৫ হাজাৰ টকাঃ উচ্চ ন্যায়ালয়ৰ কাষ চাপিল পুত্ৰ...

ঘোৰ কলি কাল ! বৃদ্ধ মাতৃৰ ভৰণ-পোষণৰ বাবে সামান্য পৰিমাণৰ ধন দিবলৈয়ো নাৰাজ পুত্ৰ। পুত্ৰৰ এনে মানসিকতা দেখি, শুনি মহামাণ্য ন্যায়াধীশে ক’লে এয়াই কলিযুগৰ ঘোৰ অন্ধকাৰৰ যুগ।

author-image
Asomiya Pratidin
New Update
বৃদ্ধ মাতৃৰ ভৰণ-পোষণৰ বাবে দিব নোৱাৰে ৫ হাজাৰ টকাঃ উচ্চ ন্যায়ালয়ৰ কাষ চাপিল পুত্ৰ...

ডিজিটেল ডেস্কঃ ঘোৰ কলি কাল ! বৃদ্ধ মাতৃৰ ভৰণ-পোষণৰ বাবে সামান্য পৰিমাণৰ ধন দিবলৈয়ো নাৰাজ পুত্ৰ। পুত্ৰৰ এনে মানসিকতা দেখি, শুনি মহামাণ্য ন্যায়াধীশে কলে- 'এয়াই কলিযুগৰ ঘোৰ অন্ধকাৰৰ যুগ'।

Advertisment

বৃদ্ধ মাতৃৰ ভৰণ পোষণৰ বাবে নিম্ন আদালতে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়লৈ যোৱা দায়িত্বহীন পুত্ৰৰ এনে আচৰণ প্ৰত্যক্ষ কৰি স্বয়ং ন্যায়ালয়ৰ বিচাৰপতিয়েই মূৰে-কপালে হাত দিছে। এই গোচৰৰ খবৰ বিয়পি পৰাৰ লগে লগে দেশজুৰি প্ৰতিক্ৰিয়াও হৈছে।

কোনো কোনোৱে সামাজিক মাধ্যমত কবলৈ আৰম্ভ কৰিছে যদি সম্পূৰ্ণ সুস্থ আৰু কৰ্মপযোগী হৈ থকাৰ পাছতো পুত্ৰই বৃদ্ধাৱস্থাত পিতৃ, মাতৃক চোৱাচিতা কৰিবই নোৱাৰে তেন্তে তেনে পুত্ৰৰ প্ৰয়োজনেই বা ক? বহুতেই আকৌ সুৰিন্দৰ সিং নামৰ সেই ব্যক্তিজনক আখ্যা দিছে কুলাংগাৰ পুত্ৰ ৰূপে।

খবৰ অনুসৰি পঞ্জাৱৰ এখন পৰিয়াল আদালতত দাখিল হৈছিল এক গোচৰ। এগৰাকী বৃদ্ধ মাতৃয়ে তেওৰ ভৰণ-পোষণৰ বাবে আদানতৰ কাষ চাপিছিল। আদালতে সুৰিন্দৰ সিং নামৰ ব্যক্তিজনক প্ৰতি মাহে মাতৃৰ ভৰণ-পোষণৰ বাবে ৫ হাজাৰকৈ টকা দিবলৈ নিৰ্দেশ দিছিল। কিন্তু সুৰিন্দৰে সেই সামাণ্য ৫ হাজাৰ টকাও দিবলৈ নাৰাজ হৈ পৰে।

এই ৰায়ৰ বিৰুদ্ধে তেওঁ কাষ চাপে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ। এই আবেদনৰ শুনানি গ্ৰহণ কৰি গোচৰটোৰ সবিশেষ শুনি আচৰিত হৈ পৰে ন্যায়াধীশগৰাকী। তেওঁ কয় গোচৰটোৰ প্ৰসংগত কয়, কলিযুগৰ ঘোৰ অন্ধকাৰৰ যুগ এয়া। তাৰোপৰি তেওঁ এই আবেদনক অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে আৰু আবেদনখন খাৰিজ কৰে।

কেৱল সিমানেই নহয়, মাতৃৰ ভৰণ-পোষণৰো দায়িত্ব লব নিবিচৰা সেই অধম পুত্ৰক তেওঁৰ এনে আচৰণৰ বাবে ৫০ হাজাৰ টকাৰ জৰিমণাও বিহে। এই জৰিমণাৰ ধন তিনিমাহৰ ভিতৰত পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু নিম্ন আদালতৰ ৰায়কে বাহাল ৰাখে।

সিকন্দৰ সিঙৰ নামৰ এই পুত্ৰজনে নিম্ন আদালতৰ ৰায়ৰ প্ৰত্যাহ্বান সেই ৰায়ৰ পুনৰীক্ষণৰ আবেদন খাৰিজ কৰাৰ সময়ত ন্যায়াধীশ যশগুৰপ্ৰীত সিং পুৰীয়ে কয় যে, এই গোচৰটোৱে আদালতক জোকাৰি গৈছে। তেওঁ লগতে উল্লেখ কৰে যে পৰিয়াল আদালতৰ মুখ্য ন্যায়াধীশে দিয়া নিৰ্দেশ অনৈতিকতো নহয়েই বৰঞ্চ  তেওঁ দিয়া ধনৰ পৰিমাণ যথেষ্ট কম।

 

গোচৰটোত উল্লেখ থকা মতে ১৯৯৩ চনত ৫০ বিঘা মাটিৰ মালিক ভাগ সিঙৰ মৃত্যু হৈছিল। তেওঁৰ পৰিয়ালত আছিল তেওঁৰ বিধৱা পত্নী সুৰজিৎ ​​কৌৰ আৰু দুই পুত্ৰ সিকন্দৰ আৰু সুৰিন্দৰ সিং। ভাগ সিঙৰ মৃত্যুৰ পিছত তেওঁ ভূমি দুই পুত্ৰৰ মাজত ভাগ হয়।

 

আনহাতে সুৰিন্দৰৰ মৃত্যুৰ পিছত তেওঁৰ মাটিৰ মালিকীস্বত্ব তেওঁৰ পত্নী অমৰজিৎ কৌৰৰ হাতলৈ যায়। ভাগ সিঙৰ বিধৱা পত্নী সুৰজিৎ কৌৰে অভিযোগ কৰিছে যে স্বামীৰ মৃত্যুৰ পাছত তেওঁৰ মাটি পুত্ৰই লাভ কৰিছে যদিও পুত্ৰ আৰু বোৱাৰীয়ে তেওঁৰ ভৰণ-পোষণৰ দায়িত্ব লোৱা নাই।

 

গতিকে স্বামীৰ মৃত্যুৰ পিছৰ পৰা তেওঁ বিবাহিত কন্যাৰ লগত থাকিবলৈ বাধ্য হৈছে। সেয়েহে ৭৭ বছৰীয়া সুৰজিতে পৰিয়াল আদালতত ভৰণ-পোষণৰ দাবীত গোচৰ ৰুজু কৰিছিল।

 

পৰিয়াল আদালতৰ মুখ্য ন্যায়াধীশে নথি-পত্ৰ পৰ্যালোচনা কৰি ৰায় দিয়ে যে, বৃদ্ধাগৰাকীৰ নিজৰ কোনো উপাৰ্জনৰ উৎস নাই আৰু তেওঁ কন্যাৰ সৈতে থাকে। সেয়ে পৰিয়াল আদালতে সিকন্দৰ আৰু মৃত সুৰিন্দৰৰ পত্নী অমৰজিতক প্ৰতিমাহে মাতৃক পাঁচ হাজাৰকৈ টকা ভৰণ-পোষণৰ বাবে দিবলৈ নিৰ্দেশ দিয়ে। 

 

এই ৰায়তে ক্ষুব্ধ হৈ সিকন্দৰে উচ্চ ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰে। তেওঁৰ দাবী, পিতৃৰ মৃত্যুৰ পিছতে চুক্তি অনুসৰি মাতৃক ভৰণ-পোষণৰ বাবে ১ লাখ টকা দিয়া হৈছিল। এই টকা পোৱাৰ পিছত তেওঁ জীয়েকৰ লগত থাকিবলৈ আৰম্ভ কৰিলে।

 

সেয়ে সিকন্দৰে দাবী কৰে পৰিয়াল আদালতৰ ৰক্ষণাবেক্ষণৰ ৰায় ভুল আৰু ইয়াক বাতিল কৰা উচিত। সিকন্দৰৰ এনে যুক্তি শুনি আচৰিত হৈ পৰিছে ন্যায়ালয়। অৱশ্যে ন্যায়ালয়ে যি কঠোৰ ৰায় প্ৰদান কৰি সেই ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে ৭৭ বছৰীয়া সুৰজিৎ ​​কৌৰ নামৰ মহিলাগৰাকীয়ে।

ন্যায়ালয় পঞ্জাৱ