ডিজিটেল ডেস্কঃ আজি পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হেমন্ত চোৰেনে। বৃহস্পতিবাৰে ৰাজ্যখনৰ ৰাজধানী ৰাঁছীত অনুষ্ঠিত হোৱা এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়া গোটৰ নেতা তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি বহু ৰাজনৈতিক নেতা।
৪৯ বৰ্ষীয় হেমন্ত চোৰেনে আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগে লগে তেওঁ হৈ পৰে ঝাৰখণ্ডৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী। তেওঁক আজি শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে।
मैं, हेमन्त सोरेन, सत्यनिष्ठा से प्रतिज्ञान करता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा... pic.twitter.com/0EuOTy10kV
— Hemant Soren (@HemantSorenJMM) November 28, 2024
উল্লেখ্য যে, ৮১ খন আসনৰ ঝাৰখণ্ড বিধানসভাত ক্ষমতা দখলৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ ৪২। সদ্য সমাপ্ত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত এইবাৰ ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন ইণ্ডিয়া গোটে ৫৬ খন আসন দখল কৰিছে।
জে এম এমৰ নেতা হেমন্ত চোৰেনে বৰহাইট আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিজেপিৰ প্ৰাৰ্থী গেমিয়েল হেমৰমক ৩৯,৭৯১ টা ভোটত পৰাস্ত কৰিছে। নিৰ্বাচনত এন ডি এয়ে ২৪ খন আসন লাভ কৰিছে।
ইফালে আজি মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাছী চহৰৰ বিদ্যালয়সমূহ বন্ধ হৈ থাকে। হেমন্ত চোৰেনে আজি অকলেই শপতগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ মন্ত্ৰীসভা চূড়ান্ত হোৱাৰ পাছত মন্ত্ৰী হিচাপে দায়িত্ব পোৱা বিধায়কসকলে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।
झारखण्ड के गरीब, वंचित और शोषित समेत सभी वर्ग के लोगों के लिए दिन-रात कड़ी मेहनत के साथ काम करेगी यह झारखण्डी सरकार...अबुआ सरकार pic.twitter.com/Jb1qHmnGNe
— Hemant Soren (@HemantSorenJMM) November 28, 2024
আজিৰ অনুষ্ঠানত উপস্থিত থকা আন আন ৰাজনৈতিক নেতাসকলৰ ভিতৰত আছিল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেখ সিং যাদৱ, আপৰ ৰাষ্ট্ৰীয় সভাপতি, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱত সিং মান, ৰাঘৱ চাড্ডা, সঞ্জয় সিং, বিহাৰৰ বিৰোধী দলৰ নেতা তেজস্বী যাদৱ, ডি এম কেৰ এম কে ষ্টেলিন আৰু কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ।
अबुआ सरकार - हर झारखण्डी की सरकार
— Hemant Soren (@HemantSorenJMM) November 28, 2024
अबुआ सरकार - INDIA गठबंधन की सरकार pic.twitter.com/jgxLuGRAs1