ভয়াৱহ সমস্যালৈ পৰিণত হৈছে গৰমত মৃত্যুঃ ল'ব পৰা নাই সঠিক ব্যৱস্থা...

গ্ৰীষ্মৰ আগমণৰ লগে লগে সমগ্ৰ ভাৰতত গ্ৰীষ্ম প্ৰবাহ বা প্ৰখৰ গৰমে শেহতীয়াকৈ কেইটামান বছৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতি বছৰেই শ শ লোকৰ 'হিট ৱেভ'ৰ ফলত মৃত্যু হৈছে ।

author-image
Asomiya Pratidin
New Update
ভয়াৱহ সমস্যালৈ পৰিণত হৈছে গৰমত মৃত্যুঃ ল'ব পৰা নাই সঠিক ব্যৱস্থা...

ডিজিটেল ডেস্কঃ গ্ৰীষ্মৰ আগমণৰ লগে লগে সমগ্ৰ ভাৰতত গ্ৰীষ্ম প্ৰবাহ বা প্ৰখৰ গৰমে শেহতীয়াকৈ কেইটামান বছৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতি বছৰেই শ শ লোকৰ 'হিট ৱেভ'ৰ ফলত মৃত্যু হৈছে যদিও প্ৰকৃততে কিমান লোকৰ মৃত্যু হৈছে সেই সম্পৰ্কে সঠিক তথ্য নাই চৰকাৰৰ হাতত। 

Advertisment

জলবায়ু পৰিবৰ্তনৰ বাবেই বৰ্ধিত হিট ৱেভে এইবাৰো জটিল ৰূপ ধাৰণ কৰিছে। মে'ৰ শেষৰ পৰা আৰম্ভ হোৱা হিট ৱেভে জুনৰ প্ৰথম ১০ টা দিনতে এনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে স্বাভাৱিক জীৱন প্ৰত্যাহ্বানমূলক হৈ পৰিছে। আগত আছে জুলাই আৰু আগষ্ট। 

সংবাদ সংস্থা পি টি আইৰ এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি প্ৰতিবছৰে ভাৰতত হাজাৰ হাজাৰ লোকৰ প্ৰখৰ গৰমৰ বাবে মৃত্যু হয়। তাৰ পিছতো দেশৰ আওপুৰণি ডাটা চিষ্টেমে প্ৰকৃততে কিমান লোকৰ মৃত্যু হৈছে সেই তথ্য ধৰি ৰাখিব পৰা নাই। 

ফলত হিট ৱেভে দৰাচলতে কিমান জটিল ৰূপ ধাৰণ কৰিছে সেই বিষয়ে এতিয়াও চৰকাৰী পক্ষই সঠিক ধাৰণাই কৰিব পৰা নাই। এই সমস্যাৰ পৰা জনসাধাৰণক সুৰক্ষা দিয়াৰ এক সঠিক ব্যৱস্থাও গঢ়ি তুলিব পৰা নাই চৰকাৰে।

বৰ্তমান ভাৰতত গৰমৰ ফলত কিমান লোকৰ মৃত্যু হৈছে সেই বিষয়ে জানিবলৈ তিনিটা পৃথক উতস আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনস্থ নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (এন চি ডি চি), গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰো (এন চি আৰ বি) আৰু সংবাদ মাধ্যমৰ বাতৰিৰ ওপৰতে অধিক নিৰ্ভৰশীল হৈ থকা বতৰ বিজ্ঞান বিভাগ(আই এম ডি)।

এই সংস্থাসমূহে ২০১৫ চনৰ পৰা ২০২২ চনলৈ প্ৰখৰ গৰমৰ বাবে কিমান লোকে প্ৰাণ হেৰুৱালে তাৰ যি তথ্য দিছে সেই তথ্যত আছে বৃহত প্ৰাৰ্থক্য। এন চি ডি চিৰ তথ্য অনুসৰি এই সময়ছোৱাত গৰমৰ বাবে ৩৮১২ গৰাকী লোকৰ মৃত্যু হৈছিল।

ইয়াৰ বিপৰীতে এন চি আৰ বিয়ে আকৌ এই সময়ত ৮,১৭১ গৰাকী লোকৰ গৰমৰ বাবে মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছিল। 
সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ আধাৰতে গৰমৰ ফলত কিমান লোকৰ মৃত্যু হ’ল সেই তথ্য সংগ্ৰহ কৰা আই এম ডিৰ মতে আকৌ ২০১৫ ৰ পৰা ২০২২ লৈ ৩৪৩৬ গৰাকী লোকৰ মৃত্যু হয়। 

এই তথ্যৰ বিভ্ৰান্তি ইমানেই বেছি যে, ২০২২ চনত এন চি আৰ বিয়ে ৭৩০ জন লোকৰ গৰমৰ বাবে মৃত্যু হৈছিল বুলি তথ্য দিছে যদিও এন চি ডিয়ে সেই বছৰ মাত্ৰ ৩৩ জন লোকৰহে গৰমৰ ফলত মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ কৰিছে।

এনে তথ্য বিভ্ৰান্তিৰ অৱশ্যে কেইবাটাও কাৰণ আছে। দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে এন চি আৰ বিত যি সংখ্যাৰ কথা কোৱা হৈছে সেয়া প্ৰায়ে ৰাজহুৱা স্থানত উদ্ধাৰ হোৱা আৰু পিছত মৰণোত্তৰ পৰীক্ষাৰ জৰিয়তে নিশ্চিত হোৱা মৃত্যুৰ তথ্যহে। 

আনহাতে এন চি ডি চিয়ে কেৱল চিকিৎসালয়ত দাখিল হোৱা মৃত্যুৰ তথ্যহে লিপিবদ্ধ কৰে, য’ত প্ৰায়ে অনাদৃত বা নথি-পত্ৰবিহীন ৰোগীক বাদ দিয়া হয়। স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াৰ মতে হাস্পতালৰ অ’পিডি, ফৰেনছিক বিভাগ আৰু মৰণোত্তৰ প্ৰতিবেদনৰ তথ্যৰ মাজত কোনো সংহতি নাথাকে।

এই সমস্যাটোক আৰু অধিক জটিল কৰি তুলিছে ইলেক্ট্ৰনিক স্বাস্থ্য ৰেকৰ্ড ব্যৱস্থাৰ অভাৱে। আনকি আনকি ডিজিটেলী ৰেকৰ্ড সংৰক্ষণ কৰিব পৰা ব্যৱস্থা থকাৰ পিছতো চিকিৎসালয়তো এই তথ্য সঠিক কৈ সংৰক্ষিত নহয়। কিছুমানে ক্ষতিপূৰণৰ দাবীৰ পৰা হাত সাৰিবলৈয়ো এনে মৃত্যুক আন কাৰণত হোৱা মৃত্যু বুলিও শ্ৰেণীভুক্ত কৰাৰ উদাহৰণ আছে। 

গৰমৰ ফলত হোৱা মৃত্যুক প্ৰায়ে হৃদযন্ত্ৰ বিকল হোৱা বা ষ্ট্ৰোকৰ দৰে কাৰণত হোৱা মৃত্যু বুলিয়েই ধৰা হয়।বিশেষজ্ঞসকলৰ মতে ভাৰতত পদ্ধতিগতভাৱে মৃত্যুৰ তথ্য সংগ্ৰহ বা বিশ্লেষণ নকৰে। সেয়ে এনে ঘটনাৰ ঐক্যবদ্ধ প্ৰতিবেদনৰ ব্যৱস্থা আৰু উন্নত ডাটাবেছৰ ব্যৱস্থাৰো দাবী উত্থাপন হৈছে। 

শেহতীয়াকৈ অনুষ্ঠিত হোৱা ইণ্ডিয়া হিট ছামিটত জ্যেষ্ঠ স্বাস্থ্য উপদেষ্টা সৌম্য স্বামীনাথনে সকীয়াই দিছিল যে দুৰ্বল মৃত্যুৰ ৰিপৰ্ট ব্যৱস্থাই নীতি নিৰ্ধাৰণক দুৰ্বল কৰি তোলে। কিদৰে মানুহক হত্যা কৰা হৈছে সেই কথা নাজানিলে আমি মানুহৰ জীৱন ৰক্ষা কৰিব নোৱাৰো।’

এন আৰ ডি চি ইণ্ডিয়া আৰু গ্ৰীণপিছ দক্ষিণ এছিয়াৰ শীৰ্ষ বিষয়াই কয়, সংখ্যাক আওকাণ কৰা বা কম ৰিপ’ৰ্ট কৰিলে জৰুৰী ব্যৱস্থা গ্ৰহণত বিলম্ব হয়। যেতিয়ালৈকে আমি ব্যৱস্থাটো ঠিক নকৰো তেতিয়ালৈকে মৃত্যু অদৃশ্য হৈ থাকিব।’

 

গ্ৰীষ্ম প্ৰবাহ গৰম