সতৰ্কবাণী! ২য় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত গৰমে দহিব দেশবাসীক..

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত গৰমে দহিব দেশবাসীক..

author-image
Asomiya Pratidin
New Update
সতৰ্কবাণী! ২য় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত গৰমে দহিব দেশবাসীক..

ডিজিটেল ডেস্কঃ উৎকট গৰমৰ ফলত অতিষ্ঠ হৈ পৰিছে জনজীৱন। এপ্ৰিল মাহতে গৰমে দহিছে দেশৰ কেবাখনো ৰাজ্যক। অহা ৫ দিনলৈ দেশৰ কিছু অঞ্চলত গৰমৰ প্ৰভাৱ পৰিব। আনহাতে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ভোটদানৰ সময়ছোৱাত হ'বলগীয়া গৰমৰ প্ৰকোপৰ বিষয়ে জনাই ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বৈজ্ঞানিক ডা. নৰেশ কুমাৰে। আগন্তুক ৫ দিনৰ বাবে পূব ভাৰতৰ সকলো মহকুমাতে গৰমৰ ঢৌৰ আগজাননী দিয়ে।

Advertisment

পশ্চিম বংগত আগন্তুক ৫ দিনত ভীষণ গৰম বতাহৰ সম্ভাৱনা আছে। যিকোনো অঞ্চলত প্ৰচণ্ড গৰম হ’লে তাত থকা উষ্ণতা গড়তকৈ ৬.৫ ডিগ্ৰী চেলছিয়াছ বেছি হয়। আগন্তুক ৩ দিনলৈ পশ্চিম বংগত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

বিহাৰটো গৰমৰ প্ৰভাৱ বৃদ্ধি হ'ব। দুদিন পাছত বিহাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰিব বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যখনত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছতকৈ বেছি হ'ব।

উত্তৰ প্ৰদেশত ২৪ ঘন্টাৰ পাছত গৰম বতাহ বলিব যদিও পশ্চিম উত্তৰ প্ৰদেশত ২ দিন পাছত গৰমৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ আশংকা আছে।

ৰাজস্থান আৰু পশ্চিম উত্তৰ ভাৰতত বজ্ৰপাত হোৱা ফলত বৰ্তমান ৰাজ্যখনৰ তাপমাত্ৰা সামান্য হোৱা পৰিলক্ষিত হৈছে।

দক্ষিণ প্ৰান্তত বিশেষকৈ কৰ্ণাটকৰ কিছু স্থানত ৫ দিন পৰ্যন্ত গৰমৰ প্ৰভাৱ থাকিব।কেৰেলা,গোৱা আদিটো উষ্ণতা গৰম আৰু আৰ্দ্ৰ হ’ব।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ নিৰ্দেশনা অনুসৰি, গৰমৰ সময়ছোৱাত পাতল ৰঙৰ ঢিলা কাপোৰ পৰিধান কৰা উচিত। প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ আৰু পানী সেৱন কৰা উচিত। মূৰটো টুপী বা কিছু কাপোৰেৰে ঢাকি ৰখাৰ লগতে প্ৰত্যক্ষ গৰমৰ সন্মুখীন নহ'বলৈ ৰাইজক উপদেশ দিয়ে। বতৰ বিজ্ঞান কেন্দ্ৰই।

Also Read: কেজৰিৱাল আৰু কে.কবিতাৰ ন্যায়িক জিম্মাৰ সময়সীমা ৭ মে'লৈ বৃদ্ধি...

heat INDIA heat 2024 heat wave 2024 heat wave in india