লক্ষ্য গুজৰাটঃ সন্মান ৰক্ষাৰ বাবে যুঁজত নামিব বিজেপি ! মূল বিৰোধী কংগ্ৰেছৰ দুৰ্বল ৰণনীতি, আপৰ অগ্ৰগতি...

gujrat election
gujrat election

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে গুজৰাট বিধানসভা নিৰ্বাচনৰ তাৰিখ। মুঠ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰৰ গুজৰাট বিধানসভাৰ নিৰ্বাচন। ইয়াৰে প্ৰথম পৰ্যায় ১ ডিচেম্বৰত আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব।

আয়োগে ঘোষণা কৰা অনুসৰি এই নিৰ্বাচনৰ ভোটগণনা সম্পন্ন কৰা হ'ব ৮ ডিচেম্বৰত। সেই একেটা দিনতেই আকৌ হিমাচল প্ৰদেশৰো নিৰ্বাচনৰ ভোটগণনা সম্পন্ন কৰা হ'ব। গুজৰাট বিধানসভাত আছে ১৮২ খন আসন।

ইয়াৰ পূৰ্বৰ ২০১৭ ৰ নিৰ্বাচনত বিজেপিয়ে ৯৯ খন আসনেৰে একক সংখ্যাগৰিষ্ঠতা লাভৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৭৭ খন আসন আৰু এন চি পিয়ে এখন, বি টি পি এয়ে দুখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় কৰিছিল ৩ খন আসন।

গুজৰটাত নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বৰে পৰা শাসনাধিস্থ বিজেপিৰ লগতে এইবাৰ আম আদমী পাৰ্টীয়েও ক্ষমতা দখলৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে।

নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে কেইবাহাজাৰ টকীয়া পেকেজ লৈ প্ৰধানমন্ত্ৰী গুজৰাট অভিমুখী হোৱাৰ লগতে আপেও উন্নয়নৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্য। তাৰ মাজতে ধৰ্মীয় ৰাজনীতিয়েও গুজৰাটত মুখ্য ভূমিকা পালন কৰিবলৈ আগবাঢ়িছে।

পূৰ্বে গুজৰাটত মূল যুঁজখন হৈছিল মূলতঃ বিজেপি আৰু কংগ্ৰেছৰ মাজত। কিন্তু এইবাৰ আপে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ লগতে আসাদুদ্দিন ওৱেইছিৰ দলেও গুজৰাটত আত্মপ্ৰকাশ কৰিছে।

যাৰ বাবে ধৰ্মীয় মেৰুকৰণৰ যি ৰাজনীতি সেই ৰাজনীতিৰ অংকত খেলিমেলি আৰম্ভ হৈছে। তাৰ মাজতো ৰাজনৈতিক বিশেষজ্ঞৰ দাবী এইবাৰো গুজৰাটত মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতেই সীমাবদ্ধ থাকিব।

দেশত গুজৰাট মডেলৰ প্ৰকৃত স্বৰূপ উন্মোচিত হোৱাৰ সমান্তৰালকৈ শেহতীয়াকৈ গুজৰাটত বিজেপি বিৰোধী শক্তি ক্ৰমান্বয়ে শক্তিশালী হৈছে। যাৰ বাবে বিজেপিয়ে গুজৰাট নিৰ্বাচনক সন্মান ৰক্ষাৰ যুঁজ হিচাপেও গণ্য কৰিছে।

কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটক প্ৰতিনিধিত্ব কৰে। ইফালে পূৰ্বৰ নিৰ্বাচনৰ মূল বিৰোধী দল কংগ্ৰেছে এইবাৰ গুজৰাটক লৈ কি নতুন কৌশল ৰচনা কৰিছে সেই বিষয়ে জানিব পৰা নাই।

চৰ্চা চলিছে গান্ধী পৰিয়ালে গুজৰাট আৰু হিমাচল প্ৰদেশত কংগ্ৰেছৰ প্ৰদৰ্শন উন্নত নহ'ব বুলি ধাৰণা কৰিয়েই বৰ বিশেষ গুৰুত্ব প্ৰদান কৰা নাই। আনকি এই পৰ্যন্ত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত সামৰি লোৱা হোৱা নাই এই দুখন ৰাজ্যক। আনহাতে গুজৰাট নিৰ্বাচনে কেইবাজনো ৰাজনৈতিক নেতাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব।

মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ অৰ্ধ-বাৰ্ষিক কাৰ্যকালৰ বাবে এই নিৰ্বাচন এক আদেশ হিচাপে পৰিগণিত হৈছে। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা আৰু পৰৱৰ্তী সময়ত উপ-নিৰ্বাচনত পৰাজিত হোৱা অল্পেশ ঠাকোৰ আৰু হাৰ্দিক পেটেলৰ ৰাজনৈতিক ভৱিষ্যতো নিৰ্ভৰ কৰিছে এই নিৰ্বাচনৰ ওপৰতেই।

এই নিৰ্বাচনত চৰ্চিত দলিত নেতা জিগনেশ মেৱানী, ভাদগামৰ নিৰ্দলীয় বিধায়কে কি ভূমিকা লয়, দলিত সকলে তেওঁলোকৰ সংগ দিয়ে নে নিদিয়ে সেয়াও হ'ব লক্ষ্যণীয়। সংৰক্ষিত আসনত তেওঁলোকৰ প্ৰদৰ্শন হ'ব অতি গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে, গুজৰাট বিধানসভাৰ মুঠ ১৮২ খন আসনৰ ভিতৰত ১৩ খন আসন অনুসূচীত জাতিৰ বাবে আৰু ২৭ খন আসন অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত। ৰাজ্য়খনত এইবাৰ মুঠ ৪.৮৩ কোটি ভোটাৰ পঞ্জীয়ন কৰা হৈছে। ৰাজ্যখনত আছে মুঠ ৫১,৭৮২ টা ভোট কেন্দ্ৰ। ইয়াৰে সৰ্বাধিক ৩৪,২৭৬ টা ভোটকেন্দ্ৰ আছে গ্ৰাম্য অঞচলত। আনহাতে চহৰাঞ্চলত আছে ১৭,৫০৬ টা ভোটকেন্দ্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in