আজি ঘোষণা কৰা হ'ব গুজৰাট বিধান সভা নিৰ্বাচনৰ দিন...

আজি ঘোষণা কৰা হ'ব গুজৰাট বিধান সভা নিৰ্বাচনৰ দিন...

ডিজিটেল ডেস্ক : বিগত ২৭ বছৰতকৈও অধিক সময় বিজেপি শাসনাধিষ্ঠ গুজৰাটত আগন্তুক বৰ্ষত অনুষ্ঠিত কৰা হ'ব বিধান সভা নিৰ্বাচন । আগন্তুক ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অন্ত পৰিব গুজৰাট বিধান সভাৰ বৰ্তমানৰ কাৰ্যকাল । বিধান সভা নিৰ্বাচনৰ পূৰ্বে প্ৰস্তুতিৰ তুংগত দেখা গৈছে নিৰ্বাচনত অংশগ্ৰহণ কৰিব লগীয়া প্ৰত্যেকটো দলকেই ।

তাৰ মাজতেই বৃহস্পতিবাৰে বিয়লি ঘোষণা কৰা হ'ব বিধান সভা নিৰ্বাচনৰ দিন । বৃহস্পতিবাৰে দিনৰ ১২ বজাত এই সন্দৰ্ভত এক সংবাদ মেলৰ জৰিয়তে নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচনী আয়োগে ।

উল্লেখ্য যে, গুজৰাট বিধান সভাত আছে ১৮২খন আসন । এই ১৮২ খনৰ গৰিষ্ঠ সংখ্যক আসনেই নিজৰ দখললৈ আনিব পাৰিলেই গুজৰাটৰ শাসনৰ বাঘজৰী লাভ কৰিব দলটিয়ে । তেনে স্থলত দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ অন্যতম গুজৰাটৰ শাসনভাৰ লাভ কৰাৰ আশাত বন্দী দলসমূহ ।

গুজৰাট বিধান সভা নিৰ্বাচন সন্দৰ্ভত, ইতিমধ্যেই বিজেপিয়ে অনুষ্ঠিত কৰিছে তিনি দিনীয়া বৈঠকৰ । এই বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰৰ দ্বায়িত্বত থকা ভূপেন্দ্ৰ যাদৱ, মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটিল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিল ।

আনহাতে, প্ৰত্যেকটো দলেই যুদ্ধসদৃশ প্ৰস্তুতিৰে প্ৰচাৰত অংশগ্ৰহণ কৰাৰ সময়তেই গুজৰাটৰ মৰবী নদীৰ দুৰ্ঘটনাই শলঠেকত পেলাইছে বিজেপিক । আৰু এই সুবিধা গ্ৰহণ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ তথা আম আদমি পাৰ্টীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in