/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4810e533-5c02-4996-8981-586322a0a4b3/gujrat.jpg)
ডিজিটেল ডেস্ক: দেওবাৰে গুজৰাটত সংঘটিত হোৱা শোকাবহ ঘটনাত প্ৰায় ১৪০ জন লোকৰ বৰ্তমান পৰ্যন্ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজকোটৰ পৰা লোকসভাৰ বিজেপি সাংসদ মোহন কুন্দৰীয়াই কয় যে গুজৰাটৰ মৰবি চহৰত ওলমি থকা দলং ভাঙি নিহত হোৱা লোকসকলৰ ভিতৰত তেওঁৰ ১২ জন আত্মীয়ও আছে।
দেওবাৰে ঠাইখিনি ফুৰিবলৈ যোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে,গুজৰাটত ওলমি থকা দলং খহি পৰি বহু লোকৰ মৃত্যু হয়। দলংখনৰ ওপৰত প্ৰায় ৫০০ লোক আছিল।
সাংসদ গৰাকীয়ে কয় যে তেওঁৰ পৰিয়ালৰ ১২ জন ভুক্তভোগীৰ ভিতৰত আছে পাঁচটা শিশু, চাৰি গৰাকী মহিলা আৰু তিনিজন পুৰুষ। আটাইকেইজনেই তেওঁৰ ডাঙৰ ভাতৃৰ ঘনিষ্ঠ আত্মীয়। এই শোকাৱহ দুৰ্ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।
উল্লেখ্য যে, ঘটনাস্থলীত এতিয়া অব্যাহত আছে উদ্ধাৰ অভিযান। বহু লোক উদ্ধাৰ কৰা হৈছে যদিও বহুতে মৃত্যুক সাৱতি ল'ব লগা হৈছে।