৫০,০০০ ৰো অধিক লোকে একেলগে 'সূৰ্য নমস্কাৰ' কৰি গঢ়িলে বিশ্ব ৰেকৰ্ড

৫০,০০০ ৰো অধিক লোকে একেলগে 'সূৰ্য নমস্কাৰ' কৰি গঢ়িলে বিশ্ব ৰেকৰ্ড

ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথম দিনটোত গুজৰাটে ৰচিলে নতুন ৰেকৰ্ড। সোমবাৰে গুজৰাটৰ ১০৮ টা স্থানত ৫০,০০০ ৰো অধিক লোকে 'সূৰ্য নমস্কাৰ' প্ৰদৰ্শন কৰে আৰু গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই পদক্ষেপক প্ৰশংসা কৰি কয় যে ৰাজ্যখনে ২০২৪ বৰ্ষক এক উল্লেখযোগ্য সাফল্যৰে আদৰণি জনাইছে।

গুজৰাট চৰকাৰে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি, গুজৰাটে ২০২৪ চনৰ প্ৰথম দিনাই ১০৮ টা স্থানত একেলগে 'সূৰ্য নমস্কাৰ' প্ৰদৰ্শন কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে। এই অনুষ্ঠানটোত ৫০,০০০ তকৈও অধিক লোকে অংশগ্ৰহণ কৰে।

গুজৰাটৰ মেহছানা জিলাৰ মোধেৰাৰ সূৰ্য মন্দিৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটলেও অংশ গ্ৰহণ কৰে।

এই সন্দৰ্ভত মোজীয়ে ছ'চিয়েল মিডিয়াত লিখিছে- গুজৰাটে ২০২৪ বৰ্ষক এক নতুন সফলতাৰে আদৰণি জনাইছে। ১০৮ টা স্থানত একেলগে সূৰ্য নমস্কাৰ কৰি বিশ্ব ৰেকৰ্ড কৰে। আমি সকলোৱে জানো যে ১০৮ নম্বৰটোৱে আমাৰ সংস্কৃতিত এক বিশেষ গুৰুত্ব বহন কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও এই পদক্ষেপৰ শলাগ লয়। শ্বাহেও এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত পোষ্ট কৰে।

৫০,০০০ ৰো অধিক লোকে একেলগে 'সূৰ্য নমস্কাৰ' কৰি গঢ়িলে বিশ্ব ৰেকৰ্ড
আপোনাৰ ভাল হ'ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in